চক্ৰ দেখি পাশুপত্ৰ অস্ত্ৰ ভৈলা ডৰ।
সোমাই পাশুপত্ৰ তুণে মহেশৰ॥
পাশুপত্ৰ শৰ যদি তুণত পশিলা।
শুভ শুভ বুলি দেৱে প্ৰশংসা কৰিলা॥ ৯১৯
প্ৰচণ্ড বিশাল বীৰ পাণ্ডুৰ তনয়।
যাৰ ৰণে পাশুপত্ৰ অস্ত্ৰ ভৈলা ভয়॥
এহি বুলি ব্ৰহ্মা আদি যত সিদ্ধগণ।
জয় ধনঞ্জয় বুলি ঘোষে ঘনে ঘন॥ ৯২০
বৈশম্পায়ন বদতি যে শুনা জন্মেজয়।
মাধৱৰ চক্ৰক থৈলন্ত ধনঞ্জয়॥
শাৰঙ্গ ধণুক ধৰিলন্ত ৰাম কৰে।
হৰক ভেদিলা দশ কোটি দিব্য শৰ॥৯২১
অৰ্জ্জুনে হৰক বিন্ধিলেক থানে থানে।
কম্পি কম্পি পৰিলেক বৃষভৰ যানে॥
বৃষভক অৰ্জ্জুনে হানিলা চাৰি শৰ।
বৃষভক ভেদিলন্ত শৰে অৰ্জ্জুনৰ॥ ৯২২
হৰক অৰ্জ্জুনে প্ৰহাৰিলা কোটি শৰ।
আকাশ ঢাকিয়া যাই বহ্নিৰ সঞ্চাৰ॥
হৰৰ হৃদয়ে পৰি পিঠি বাজ ভৈলা। .
ফুৰি ফুৰি মহাদেৱ বৃষভে পৰিলা॥৯২৩
পাশুপত্ৰ অস্ত্ৰ পৰি গুছিলেক বল।
বৃষভক হৰে বোলে শীঘ্ৰ কৰি চল॥
চল চল বৃষভ তই ব্ৰহ্মাৰ যে পাশ।
অৰ্জ্জুনৰ শৰে মোৰ নোলায় উশাস॥ ৯২৪
এহি বুলি হৰে পাচে পাচক নচাই।
বৃষভ সহিতে হৰ শীঘ্ৰে পলাই যায়॥
হৰ পলাইলা বুলি হাঁসে দামোদৰ।
শুনি নুশুনিয়া পলাই যায় মহেশ্বৰ॥ ৯২৫
মহেশ পলাইলা দেখি পাণ্ডুৰ নন্দন।
প্ৰণাম কৰিয়া প্ৰহাৰিলা শৰগণ॥
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/৩৮৭
অৱয়ব
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩০৮
অসমীয়া সাহিত্যৰ চানেকি ৷