পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/৩৮৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩০৬
অসমীয়া সাহিত্যৰ চানেকি ৷

ক্ৰোধ মনে পাচে জ্বলি গৈলা মহেশ্বৰ।
খড়গ ধৰি দেৱ দিল নামে বৃষভৰ॥
অৰ্জ্জুনক শিৰক কাটিবে যাই খেদি।
যেন ভয়ঙ্কৰ এক বহি যায় নদী॥ ৯০৪
সেহি মতে কোপে খেদি যায় পশুপতি।
অৰ্জ্জুনক খেদি যান্ত লৰে বসুমতী॥
অৰ্জ্জুনে দেখন্ত খড়গ ধৰি আসে হৰ।
শীঘ্ৰে ধৰিলন্ত বীৰে অৰ্দ্ধচন্দ্ৰ শৰ॥ ৯০৫
দিব্য অৰ্দ্ধচন্দ্ৰশৰ প্ৰহাৰিলা ডাটি।
হৰৰ হাতৰ খড়্গ পেলাইলেক কাটি॥
খড়্গ কাটা গৈলা দেখি জ্বলে মহেশ্বৰ।
ভেৱ দিয়া উঠিলন্ত বৃষভ উপৰ॥ ৯০৬
হোঁহ বুলি ত্ৰিশূল হানিলা মহেশ্বৰ।
বিষ্ণুচক্ৰশৰে শূল কৰিলা নিবাৰ॥
শূল ব্যৰ্থ ভৈলা দেখি ক্ৰোধে মহেশ্বৰ।
জ্বলন্ত মহেশ যেন বহ্নি প্ৰলয়ৰ॥ ৯০৭
পিনাক ধণুক হৰে ধৰি নিজ কৰে।
অৰ্জ্জুনক ভেদিলন্ত তিনি কোটি শৰে॥
মাধৱক কুৰি শৰ কৰিলা প্ৰহাৰ।
শৰ-ছোতে গোবিন্দে দেখিলা অন্ধকাৰ॥ ৯০৮
আৰু চয় নৰাচ হানিলা মহেশ্বৰে।
হলাহলি পশিলন্ত কৃষ্ণৰ শৰীৰে॥
হেন দেখি অৰ্জ্জুনৰ ক্ৰোধ গুৰুতৰ।
শাৰঙ্গ টঙ্কাৰি বীৰে যুৰি বিষ্ণুশৰ॥ ৯০৯
বিষ্ণুমন্ত্ৰ পঢ়ি প্ৰহাৰিলা ধনঞ্জয়।
সুৰ নৰ মুনি দেখি ভৈলন্ত বিস্ময়॥
বিদ্যুত সঞ্চাৰে হৰ-হৃদয় ভেদিলা।
বিশ্ৰুতি বিজ্ঞান হুই বৃষভে পৰিলা॥ ৯১০
পাচে শ্ৰুতি পাই হৰ উঠি বৃষভৰ।
অৰ্জ্জুনৰ বধক চিন্তিলা মহেশ্বৰ॥