পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/৩৪৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৬৫
সীতাহৰণ।

অঙ্গদ কান্দন্ত আতি বিয়াকুল চিত্ত।
হৃদয়ত মুঠি হানি পৰিলা ভূমিত॥
হা বাপ কি কৰি কৰিলা নিমাখিতি।
মহাশান্তি মাৱ মোৰ ভৈল অনাথিতি॥
ৰাজাৰ কুমাৰ কান্দে ধৰণীত লুটি।
হা বাপ বোলন্তে পৰাণ যাই ফুটি॥
দীঘল গহন পথে চলিলা আপোনে।
তযু ভাৰ্য্যা পুত্ৰ আবে পালিবেক কোনে॥
ৰাঘৱে বোলন্ত মিত্ৰ শুনিয়ো উচিত।
বিস্তৰ ক্ৰন্দন নুহি মৃতকৰ হিত॥
ঝাণ্টে চিতা সাজিয়োক বহুল বিস্তাৰ।
তাতে তুলি কৰায়োক বালীৰ সংস্কাৰ॥
ৰামৰ বচন যেবে ভৈলা অবসান।
পাছে বীৰ লক্ষণে দিলন্ত সমিধান॥
শোক এৰি সুগ্ৰীৱ প্ৰেতৰ কাৰ্য্য চাহা।
কৈৰ তাৰা দেবী তুমি কিষ্কিন্ধ্যাক যাহা॥
চতুৰ্দ্দোল যানত বালীক নিয়া তোলা।
গিৰি-নদী সমীপত শীঘ্ৰে নিয়া পোৰা॥
অঙ্গদে পিতৃৰ দিবা পিণ্ড জলাঞ্জলি।
হনুমন্ত আদি সবে কাৰ্য্যক সঙ্কলি॥
শিৰোগত কৰিলন্ত লক্ষণৰ বোল।
তেতিক্ষণে তাৰা আনাইলন্ত চতুৰ্দ্দোল॥
অঙ্গদে সুগ্ৰীৱ দোলা তুলিয়া ধৰিল।
খুৰাতে ভাতিজে গিৰি-নদীতীৰ মিল॥
আনো বৰ বৰ বীৰ পৰ্ব্বত-আকাৰ।
হাতে কান্ধে বহিলন্ত মৃতকৰ ভাৰ॥
কান্দন্তে কান্দন্তে লৈয়া গিয়া চতুৰ্দ্দোলে।
বালীক পুৰিলা গৈয়া গিৰি-নদী কোলে॥
দণ্ড কাষ্ঠ কাক বলি আৰু স্নান বলি।
অঙ্গদে পিতৃৰ দিলা পিণ্ড জলাঞ্জলি॥

৩৪