পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/৩৪৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৬৪
অসমীয়া সাহিত্যৰ চানেকি

বিপাঙ্গে মৰিলোঁ তোৰ বচন নুশুনি।
পুত্ৰক পালিবি মোৰ দোষক নুগুণি॥
আপদ কালত তোৰ একে বুধি তৰি।
মই যম ঘৰে যাওঁ বচন নকৰি॥
এহি বুলি বালী ৰাজা ভৈলা নিশবদ।
শৰ বিষে দুই চক্ষু ভৈলন্ত তবধ॥
থৰমৰ ভৈল বালীৰাইৰ হাত ভৰি।
অচেতন ভাৱে থাকিলন্ত দান্ত তৰি॥
মুখ ভৈলা নিৰ্ব্বাণ নাসাত শ্বাস নাই।
পালটিল চক্ষু দুই আদিত্যক চাই॥
নীলে দেখিলন্ত বালী ৰাজাৰ নিৰ্য্যাণ।
আজুৰিয়া কাঢ়িলন্ত ৰাঘৱৰ বাণ॥
ৰুধিৰে পূৰিত শৰ গাৱৰ বাজান্তি।
চিকিমিকি কৰে যেন আদিত্যৰ কান্তি॥
সাগৰত স্নান কৰি ৰুধি গুচাই।
ৰামৰ তৃণত আসি পশিল দুনাই॥
শৰীৰৰ বোম্বালে ৰুধিৰ বহি যান্তি।
বিজুলী চটক যেন দেখি তাৰ কান্তি॥
স্বামীক বেঢ়িয়া কান্দে পটেশ্বৰী লোকে।
সুগ্ৰীব কান্দন্ত আতি জেষ্ঠভাইৰ শোকে॥
ৰামচন্দ্ৰ লক্ষণ কান্দন্ত হনুমন্ত।
সৈন্যে সমে চাৰি পাত্ৰ আৰ জাম্বুৱন্ত॥
তাৰ বোলে স্বামী তুমি গৈলা পৰলোক।
যমৰ পুৰত প্ৰভু সুমৰিবা মোক॥
যাৰ মুঠি প্ৰহাৰে মেদিনী মেলে চিৰ।
হেন স্বামী ধৰণীত তেজিলা শৰীৰ॥
হাঁ স্বামী তুমি কোন কাৰ্য্য়ক সাধিলা।
সুগ্ৰীৱক ডাকি ভ্ৰাতৃবধু সম্বৰিলা॥
ধৰ্ম্মপথ এৰি পাপ কৰিলা সকল।
অৱিলম্বে পাইলা সেই অধৰ্ম্মৰ ফল॥