পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/৩৪৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৬৬
অসমীয়া সাহিত্যৰ চানেকি।

নিজগুৰু ব্ৰাহ্মণে দিলন্ত স্বাহি পাহি।
অঙ্গদে কৰিলা কৰ্ম্ম বিধিৱতে চাহি॥
নানাবিধ দান কৰিলন্ত বৃষোৎসৰ্গ।
হনুমন্ত সুগ্ৰীৱ সমস্তে জাতিবৰ্গ॥
দানে মানে সব জ্ঞাতিলোক তুষ্ট ভৈলা।
পুষ্পৰথে চৰি বালী স্বৰ্গে চলি গৈলা।
সমস্তে বানৰগণে কাৰ্য্যক সঙ্কলি।
ৰামৰ চৰণে আসি কৰিলা সেৱলি॥
হনুমন্তে ৰামক কৰিলা বহু স্তুতি।
তোমাৰ প্ৰসাদে ভৈল বালীৰ মুকুতি॥
আষাৰেক বোলোঁ বুলিবাক লাগে ডৰ।
ভৰি চাৰিপাঞ্চ যাইয়ো কিষ্কিন্ধা নগৰ॥
ৰাজ্য ঝঙ্কাৰিয়ো সুগ্ৰীৱক তযু মিত্ৰ।
তুমি পৰশিলে হৈব আনৰ পবিত্ৰ॥
ৰামচন্দ্ৰে বোলন্ত শুনিয়ো বায়ুপুত্ৰ।
আমাৰ মিত্ৰৰ অকল্যাণ আছে কৈত॥
বনবাস খাটো পালি পিতৃৰ আদেশ।
চৌধয় বৎসৰ নাহি নগৰে প্ৰবেশ॥
শুনিয়োক হনুমন্ত গবাক্ষ গৱয়।
মন্দ দ্বিবিদ শুনা বীৰ সমস্তয়॥
নল গন্ধমাদন সুষেণ নৰহৰি।
ব্ৰহ্মা তনয় ওৰা শুনিয়ো কেশৰী॥
তাৰ বীৰ পনস শুনিয়ো জাম্বুৱন্ত।
দধিমুখ যুথপতি আৱৰ আছন্ত॥
ইন্দ্ৰজানু সুজানু শুনিয়ো বীৰ নীল।
ঋষভ শৰভ আৰু শুনিয়ো সুশীল॥
সতানু সম্পাতি সৰ্ব্বভক্ষ শুনিয়োক।
গোলাঙ্গুল জাতি কপি আছে যতলোক॥
সবে মহাবীৰ যেন দেৱৰ সমাজ।
সবে মিলি সুগ্ৰীৱক জোকাৰিয়ো ৰাজ॥