পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/৩৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৫৮
অসমীয়া সাহিত্যৰ চানেকি।

স্বামী পাশে চলয় বিকলে দিশ চাই।
দেখন্তে বনৰ মাঝে বানৰ পলাই॥
পলাই দাবি-দুৰি কৰি মনত বিভঙ্গে।
থাৰে-থাৰে কহে কথা বানৰৰ সঙ্গে॥
ঝাঝ্‌ন দিয়া কতহোঁ যক্ষৰ আগে চৰে।
বৃক্ষ এৰি কতো কতো গহ্বৰত পৰে॥
কিচ কিচ কৰিয়া বানৰ পাৰে উকি।
ৰামে পাইলে বুলি দেয় নিকঞ্জত লুকি॥
তাৰায়ে বোলন্ত শুনিয়োক কপিগণ।
স্বামীৰ বাৰ্ত্তাক কহিয়োক এতিক্ষণ॥
কি কাৰণে পলাই সবে বানৰ বিপুল।
অথিৰ চৰিত্ৰ দেখোঁ চিত্ত বিয়াকুল॥
পটেশ্বৰী আই তুমি বাৰ্ত্তাক নপাইলা।
ৰাম ৰূপে কাল হুয়া গ্ৰাসিবাক আইলা॥
হেন বীৰ নতো দেখি নতো শুনি কাণে।
অপাৰ সাগৰ বল গগন সমানে॥
ত্ৰিভুবনে কাম্প বালীৰ পদভৰে।
হেন বীৰ মাৰিলেক একেপাত শৰে॥
স্বামী তোৰ নিজীৱন্ত কৈক লাগি যাস।
অঙ্গদ পুত্ৰক নিয়া মৰাইবাক চাস॥
পৰিবৰ্ত্তি আস মাৱ কিষ্কিন্ধ্যা নগৰ।
ৰাজা পাতিয়োক নিয়া অঙ্গদ কুমাৰ॥
কিষ্কিন্ধ্যা ৰাখিতে পাৰা তান বুদ্ধি বলে।
আন কপিগণ মৰে নৃপতি বিকলে॥
স্বামীৰ বাৰ্ত্তাক যেবে নিশ্চয় পাইলন্ত।
হিয়ে মুঠি হানি তাৰা দেৱী কান্দিলন্ত॥
বানৰী সকলে বেঢ়ি প্ৰবোধ বোলন্ত।
স্বামীৰ পাশক ডৰ-ডৰি আণ্টাইলন্ত॥
শুনা সভাসদ ৰামকথা অনুপাম।
পাপৰ কঠিয়া পেলাই বোলা ৰাম ৰাম॥