পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/৩৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৫৭
সীতা হৰণ।

আচম্বিতে শোক মোৰ মিলিল বিশাল।
কাহাত শৰণে পুতাই বঞ্চিবেক কাল॥
হাঁ অঙ্গদাই মোৰ প্ৰাণসম সাৰ।
একো দুঃখ নজানিলি সুখীয়া কুমাৰ॥
মই মৰি যাওঁ হেৰা অঙ্গদাই বাপি।
বাপ বুলি থাকিবি কাহাৰ কোল চাপি॥
হৰি হৰি বিদগধ সুবলিত দেহা।
সব কুটুম্বত কৰি তাতে বৰ নেহা॥
আথেবেথে ৰামে মোক দেশৰ ডাকিল।
সুজিবে নপাইলি ধাৰ লাগিয়া থাকিল॥
শুন শুন বোলোঁ মোৰ সুগ্ৰীব সোদৰ।
মন্যু পৰিহৰি মোক কোলে চাপি ধৰ॥
গৰ্ভত আছিলোঁ দুই ভাই একে ঠাই।
কেন দৈব বিধিয়ে পেলাইলে বিহৰাই॥
তোমাৰ আমাৰ কপালত নাহি যোগ।
দুই ভাই মিলি নকৰিলোঁ ৰাজ্যভোগ।
হৰি হৰি বান্ধৈ মোৰ তাৰা পটেশ্বৰী॥
বিপাঙ্গে মৰিলোঁ তোৰ বচন নধৰি॥
বালীৰ কাৰুণ্য শুনি কান্দন্ত সুগ্ৰীৱে।
হাকলে-বিকলে মুঠি মানিলন্ত হিয়ে॥
কি কৰিলোঁ পাপী মই অধমত শ্ৰেষ্ঠ।
ৰাজ্য লোভে হৰুয়াইলোঁ পিতৃসম জ্যেষ্ঠ॥
দদা বোলোঁ মুণ্ড তুলি চাহা মোৰ মুখ।
প্ৰাণ মোৰ ললে তোমাৰ দেখি দুঃখ॥
হেন বুলি দুই ভাই ধৰি কোলে কোলে।
নগৰী ব্যাপিল দুইৰো ক্ৰন্দনৰ ৰোলে॥
থাকিলন্ত সুগ্ৰীব বালীক মন্যু কৰি।
আৰ্ত্তনাদ শুনিলন্ত তাৰা পটেশ্বৰী॥
হিয়ে মুঠি হানিয়া স্বামীৰ পাশে বাই।
বানৰী সহস্ৰে বেঢ়ি লগতে বজাই॥

৩৩