পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/৩৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৫৬
অসমীয়া সাহিত্যৰ চানেকি।

দুষ্টক কৰোহো তানে বাক্য পালি।
কোন কাৰ্য্যে আমাক নিন্দস দুষ্ট বালী॥
যি বুলিলি বিমুখত মাৰিলোঁহোঁ শৰ।
ইহাৰ উত্তৰ শুন পাপীষ্ঠ বানৰ॥
পূৰ্ব্বে যত ৰাজাগণে ধৰ্ম্ম আচৰিলা।
যেনে তেনে পশু মই কচ্ছপ মাৰিলা॥
জাল পাতি মাৰয় পাচত খেদি শৰে।
বনে আৰ হুয়া মাৰে পলাইবাক ডৰে॥
জাঠি জোঙ্গ মাৰে কতো কুৰ ফান্দ পাতি।
নানা মতে মাৰয় বনৰ পশু জাতি॥
কাৰ্য্যত লখিলোঁ তই পাপিষ্ঠ বানৰ।
কনিষ্ঠৰ ভাৰ্য্যাক কৰিয়া আছ ঘৰ॥
সুগ্ৰীৱ হেনয় ভাইক দেশৰ ডাকিলি।
ভ্ৰাতৃ-বধু সম্বৰিয়া বৰ যশ পাইলি॥
প্ৰতিজ্ঞা সাফলি সুগ্ৰীবক দিবো ৰাজ।
তোক মাৰি পঠাওঁ আজি যমৰ সমাজ॥
সাফলিল অঙ্গীকাৰ পালিলোঁ সত্যক।
অকাৰ্য্যে নিন্দন মোৰ বানৰ লটক॥
ঘোৰ ঘোৰ পাপ তই যত আচৰিলি।
সংগ্ৰামত পৰি প্ৰায়শ্চিত্তসে কৰিলি॥
তোৰ গতি ভৈল বালী মোৰ হাতে পৰি।
স্বৰ্গে চলি যাহা দিব্য বিমানত চৰি॥
বালী বোলে ৰামচন্দ্ৰ কৰোঁ নমস্কাৰ।
তোমাৰ ৰচনা ইতো সকলে সংসাৰ॥
নিচিনিয়া তোমাক বুলিলোঁ গৰ্ব্ব বাক।
পশিলোঁ শৰণ প্ৰভু ক্ষমিয়োক তাক॥
তোমাৰ শৰত মোৰ ভৈল সদগতি।
অঙ্গদক অনুশোচ কৰোঁহোঁ সম্প্ৰতি॥
নিতে নিতে পুত্ৰ মোৰ কোলে চাপি ক্ৰীড়ে।
ৰামৰ শৰত কৰি পুত্ৰশোকে পীড়ে॥