পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/৩৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৫৫
সীতা হৰণ।

দুৱাৰত থৈয়া বোলোঁ আবে দেহ ৰণ।
হাৰিলোঁ হাৰিলোঁ বুলি ধৰিল চৰণ॥
মিনতি কাতৰ বাণী বুলি অশেষ।
ভঙ্গ মানি চলি যাই আপোনাৰ দেশ॥
বাট ভেন্টি পাছে তাক অঙ্গদে ধৰিল।
কঙ্কালত আঙ্গুলে শতেক পাক দিল॥
সাগৰত নিয়া পাছে জোবৰাইবে লৈইল।
টোপলা বাহন্তে কলা ধাতু মাত্ৰ ৰৈল॥
হেন দেখি অঙ্গদক বুলিলোঁ বচন।
ছাৰ পুত্ৰ ইতো মোৰ শৰণীয় জন॥
মোৰ বাকে এৰি দিলা অঙ্গদ কুমাৰ।
লাঞ্ছনা লভিয়া গৈল লঙ্কাৰ ভিতৰ॥
হেন ৰাবণক ৰাম তুমি কৰা ডৰ।
ৰণ চেৰ যেন মোৰ ঘৰ ডিঙ্গৰ॥
পঠায়া দিলোহো হন্তে মাত্ৰ আজ্ঞাবাণী।
মাথে কৰি সীতাক দিলেক হন্তে আনি॥
তাকে লাগি সুগ্ৰীবক আশ্ৰয় কৰিলা।
আমাক বিমুখে বধি অধৰ্ম্ম লভিলা॥
অধিক নিন্দিবে ৰাম মোৰ নাহি কাষ।
আচাৰত হীন ৰাম ধৰ্ম্মে ভৈলা বাজ॥
শুনি ৰামে বোলন্ত বানৰ গঙ্গাকাশী।
মোক গৰিহস আগপাচ নিবিচাৰি॥
দুৰ্জ্জন চঞ্চল মন্দ তৰল বানৰ।
শুন যি কাৰণে তোক কৰিলোঁহোঁ শৰ॥
ইক্ষাকু বংশৰ ৰাজ্য সকলে আমাৰ।
অবশ্য খণ্ডিবে লাগে পৃথিবীৰ ভাৰ॥
খণ্ট চোৰ মচ্চল যতেক দুৰাচাৰ।
যাক যেন অনুৰূপে কৰয় সংহাৰ॥
ভৰত লৈ ৰাজা সোদৰ আমাৰ।
অনুচিতে পিম্পৰাৰো নিচিন্তয় মাৰ॥