পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/৩১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৩৪
অসমীয়া সাহিত্যৰ চানেকি ৷

এতিক্ষণে আমি মৃগ মাৰিবাক যাই।
সাৱহিত ৰূপে তুমি জানকীক চাই॥
এহি বুলি ৰামে মৃগ মাৰিবাক মনে।
সুসম্ভুত হুয়া চলি গৈলা তেতিক্ষণে॥
ধনুৰ্ব্বাণ সাজি গৈলা থান পৰিহৰি।
লক্ষণ থাকিলা জানেকীক ৰক্ষা কৰি॥
কৰ্ম্মনা বাধ্যত বুদ্ধিৰ্য়বুদ্ধ্যা কৰ্ম্ম বাধ্যতে।
সুবুদ্ধিৰপি ৰামোহয়ং হৈমং হৰিণমন্তগাৎ॥
ৰামক দেখিয়া তাৰ হৃদয় কম্পিল।
গহন বনৰু লাগি গমন কৰিল॥
দেখ নেদেখ বেগে হৰিণ পলাই।
দাৰুণ ৰাক্ষসী মায়া কৰন্তেহি যাই॥
তেতিক্ষণে দেখি তেতিক্ষণে দেই লুকি।
জুই আগুনীৰ মতে দিৱয় ভুমুকী॥
আধা মণ্ডী যেন নিশাচৰ মায়া ধৰে।
দণ্ড দুইৰ পথে গাণ্ডি দেখাৱ নকৰে॥
খণ্ড খণ্ড মেঘে যেন চন্দ্ৰক ঢাকিল।
খনো খনো দেখি খনো লুকায়া থাকিল॥
শ্ৰান্ত লৈ ৰাম বৰ ৰাক্ষসক চাই।
বৃক্ষৰ গোৰত লুকাইলন্ত ছায়া পাই॥
ৰামো থাকিলন্ত যেৱে ভ্ৰম পৰিহৰি।
মৃগগণ মাজে পশি চৰৈ মায়া ধৰি॥
দূৰত মাৰীচ চৰে হেনয় জানিল।
আকৰ্ণ পূৰিয়া তাক শৰ প্ৰহাৰিল॥
হিয়াত পৰিল যেৱে ৰাঘৱৰ বাণ।
তেতিক্ষণে মাৰীচৰ ছাৰি গৈল প্ৰাণ॥
ৰাৱণৰ হিত পক্ষ মৰন্তে বুলিল।
লক্ষণক সম্বুধিয়া আটাসেক দিল॥
হাহা লখাই মোৰ সুভাষিত তই ভাই।
ঝাণ্টে লাগ লৱ মোৰ প্ৰাণ খানি খাই॥