পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/৩১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৩৩
সীতা হৰণ ৷

সীতাৰ বচন ৰাম শুনি ৰঙ্গমন।
সম্বুধি বোলয় শুন ভৈয়াই লক্ষণ॥
জনক জীউৰ বাপ শুনিলি বচন।
এহি মৃগ চৱৰিত বসিবাক মন॥
অৱশ্যে পুৰিবো জানেকীৰ মনোৰথ।
আক অপমান দিবোঁ কমন মহত॥
সুবৰ্ণৰ মৃগছাল বসি থাকিঁবেক।
শেত কমলৰ সুখ ইহাতে পাইবেক॥
মই চলি গৈলো হেৰা মৃগ মাৰিবাক।
যাৱে নাসোঁ তাৱত সীতাক ৰাখিয়োক॥
লক্ষণে বোলন্ত দাদা দেখোঁ অসদৃশ।
মৃগ হেন বেশ নোহে কৰা বিমৰিষ॥
ঋষিগণে কহিয়া আছন্ত মোত কাজ।
মাৰীচ ৰাক্ষস আছে দগুকাৰ মাজ॥
ৰাজাগণ যত মৃগ মাৰিবাক যাই।
সুবৰ্ণৰ মৃগ হুয়া সবাহাকে খাই॥
কহিত দেখিলা মৃগ সুবৰ্ণৰ বৰ্ণ।
মাণিক কাঞ্চন দেখা ৰত্নৰ পৱাল॥
হিত পক্ষ চিন্তিয়োক বিমৰিষ কৰি।
মাৰীচ ৰাক্ষস আইল মায়া ৰূপ ধৰি॥
ৰাঘৱে বোলন্ত যেৱে মাৰীচেসে আইল।
ঋষিৰ যতেক কোপ সুজিবাক পাইল॥
দণ্ডকা বনৰ আজি গুচাই এৰো শাল।
সীতাক আনিয়া দিবো সুবৰ্ণৰ ছাল॥
সকল গাৱত দেখোঁ ৰাজযোগ্য ৰত্ন।
অৱশ্য ইহাক লাগি কৰিবোহো যত্ন॥
তাৰা মৃগগোট আৰে স্বৰ্গত আছয়।
তাহাৰ সদৃশ ইতো বলত নাছয়॥
কি সব আছিল ৰত্ন আমাসাৰ ঠাৱে।
তাতো অতিৰেক দেখোঁ হৰিণৰ গাৱে॥

৩০