পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/৩১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৩১
সীতা হৰণ ৷

হেন শুনি ৰাৱণ হৰিষ বৰ পাইল।
আশেষ প্ৰশংসি তাক ৰথত চড়াইল॥
ৰামক সুমৰি তাৰ মনে ভয় ঘোৰ।
কাটিবাক লাগি যেন গৈয়া যাই চোৰ॥
শীঘ্ৰ বেগে গৈয়া ৰাঘৱৰ থান পাইল।
মাৰীচক ৰাৱণে বচন পুৰুজাইল॥
দেখিয়া কন্দলী বন ৰাঘৱৰ ধান।
মৃগ ৰূপ ধৰি মোৰ সাধ বহু মান॥
ৰথে চড়ি ৰাৱণ লুকাইয়া ভৈলা পিত।
মাৰীচ ৰাক্ষস তেৱে নামিলা ভূমিত॥
ধীৰে ধীৰে যাই ভৰি নবাঢ়য় আগ।
কাটিবাক নেই যেন অষ্টমীৰ ছাগ॥
বিমৰিষ কয় মাৰীচ মহাবীৰ।
হৰি হৰি হৰুৱাইলো সুন্দৰ শৰীৰ॥
ৰাৱণ ৰাজাৰ আজি হিত পথ চাওঁ।
ৰামৰ হাতত পৰি স্বৰ্গে চলি যাওঁ॥
হেন বুলি মাৰীচে ধৰিলে মৃগমায়া।
মনোহৰ বেশ শুদ্ধ সুবৰ্ণৰ কায়া॥
ৰজতৰ অৰ্দ্ধ চন্দ্ৰ দুই পাৱে বলয়।
তাৰ সম থানে থানে মাণিক জ্বলয়॥
জাজ্বল্য সমান জ্বলে ৰত্নময় বুক।
থানে থান প্ৰকাশয় সোনাৰ ভুমুক॥
তৰঙ্গ-বৰঙ্গ কৰি চতুৰ্দিশে যায়।
সীতা দেবী দেখন্ত কোমল ঘাঁস খায়॥
সুবৰ্ণৰ মৃগক দেখিয়া ৰঙ্গ মন।
ৰামক সম্বুধি সীতা বুলিলা বচন॥
আশ্চৰ্য্য মৃগক প্ৰভু দেখিয়োক নাম।
মাণিক খচিত শুদ্ধ সুবৰ্ণৰ কাম॥
তিনিয়ো ভুবনে সাৰ দণ্ডকাৰ বন।
হেন সব মৃগ যত হোৱে উতপন॥