পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/৩০৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৩০
অসমীয়া সাহিত্যৰ চানেকি ৷

লখিলো পাপিষ্ঠ ৰাঘৱৰ ভাবি খাইলে,
সি কাৰণে মোক অপমান কৰাইলে॥
ঘূৰি ঘূৰি বোলস নিষ্ঠৰ মোক বাণী,
দুৰ্ব্বাৰ ৰাৱণ মোৰ কথাক নজানি॥
আগু হানি তোক আজি কৰিবোঁ ফোহাৰ
ৰাঘৱে কৰোক আসি তোৰ প্ৰতিকাৰ॥
তোৰ বচনক মই কৰিলোহোঁ লক্ষ,
মোক তৰি বোল ৰাঘৱৰ হিত পক্ষ॥
প্ৰাণে যেবে বিবৰ্ত্তি মোহোৰ বাক্য কৰ।
নুহি এতিক্ষণে পেষাইবোহোঁ যম ঘৰ॥
ৰাম পাশে গৈলে তোৰ জীবন সংশয়।
মোহোৰ হাতত এতিক্ষণে হুইবি ক্ষয়॥
যাবি বা নাযাবি ঝাণ্টে বোল কেন মন।
যাবে নতো পেষো আজি যমৰ কাৰণ॥
হেন শুনি মাৰীচৰ ত্ৰাস বৰ ভৈল।
সক্ৰোধ বচনে তাক মাতিবাক লৈল॥
মৰিবাৰ কালে আচৰিয়ো অসদৃশ।
সুহৃদৰ বচন দেখ যেন বিষ॥
ৰামৰ হাতত পৰি স্বৰ্গে চলি যাইবোঁ।
তোৰ দুখ শোক কিছু দেখিতে নপাইবোঁ॥
সীতাক হৰিলে তোৰ হুইবে গল পাশ।
ৰামৰ হাতত ঝান্টে হুইবে বিনাশ॥
অনিষ্ট কৰিয়া আছ যত দেৱাসুৰ।
ৰামৰ হাতত আটি-মুটি হুইবে চুৰ॥
ত্ৰিদিশৰ শাপে তোৰ আয়ু ভৈল ক্ষীণ।
জগতৰ মনুষে জীৱন্ত কত দিন॥
ৰামতো মৰিবোঁ মৰিবোঁহোঁ ৰাৱণত।
জীবন নাহিকে হেন গুনিলো মনত॥
তোহোৰ হাতত কিয় প্ৰাণক সুঝাওঁ।
ৰামৰ হাতত পৰি স্বৰ্গে চলি যাওঁ॥