পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/৩১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৩২
অসমীয়া সাহিত্যৰ চানেকি ৷

এতেক কাৰ্য্যক প্ৰভু তোমাত মেলাওঁ।
ইহাৰ ছালত যেৱে বসিবাক পাওঁ॥
এহি মৃগ মাৰি ছাল আনি দিয়া মোক।
অযোধ্যাক গৈয়া কথা কহিবাক হৌক॥
এহি ছাল আনি নগৰক লৈয়া যাওঁ।
অন্তেষপুৰত কথা কহিবাক পাওঁ॥
টীকৰ সুস্বামী প্ৰভু চৰণত লাগোঁ।
কৌতুহল মনে ইটো মৃগ গুটি মাগোঁ॥
আতি বৰ আশা মোৰ নকৰিয়া ভক্ত।
আক পাইলে প্ৰভু তেৱে হোৱে মহাৰঙ্গ॥
ধৰিবাক পাৰা যেৱে আতিবৰ ভাল।
নোহে মৃগ মাৰি মোক আনি দিয়া ছাল॥
তুমি আমি দুই ৰঙ্গে থাকিবোহো বসি।
ৰোহিণী সহিতে যেন আকাশত শশী॥
সীতাৰ ৰচন পাছে ৰাষৱে আকলি।
নিশ্চয়ে জানিলো সীতা তুমি সে আজলী॥
কৈত শুনি আছা মৃগ সুবৰ্ণৰ কায়া।
নিষ্ট কৰি জানা ইটো ৰাক্ষসৰ মায়া॥
পুনৰপি সীতা দেবী বুলিলা উত্তৰ।
নিশ্চয়ে জানিলো আবে ভাণ্ডিলি বৰ্ব্বৰ॥
তাহাক ভাণ্ডাহা যাক দেখিলো সাক্ষাত।
আন কিবা বস্তু প্ৰভু খুজিলো তোমাত॥
পতিব্ৰতা ধৰ্ম্ম ৰাখি তোমাৰ লগত।
ৰাজ্য সুখ এৰি ফুৰোঁ ঘোৰ অৰণ্যত॥
কোন বস্তু ছাৰ খুজিলোহো পশু ছাল।
ইহাক নিদিয়া পাতিলাহা আল-জাল॥
পশু মুই যদি হুই ৰাক্ষস নিশ্চয়।
তথাপি মাৰিতে প্ৰভু তোমাৰ লাগয়॥
এহি হেতু তুমি আসি আছা বনমাঝ।
ইহাক মাৰিয় সাধিয়োক দেৱ কাজ॥