পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/২৯৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৯৫
ৰামৰ বনবাস।

কৌশল্যা সুমিত্ৰা দুয়ো ৰাজ-পটেশ্বৰী।
ক্ৰন্দন কৰন্তে হাতে তুলিল ধৰি॥
উঠাঁ উঠাঁ প্ৰভু তুমি চিন্তা ত্যজিয়োক।
ৰাম সীতা লক্ষণৰ বাৰ্ত্তা পুছিয়োক॥
শুনি পুত্ৰ পুত্ৰ বুলি বিমুহিত ভৈলা।
বাতুল চৰিত্ৰ যেন পৰি মুৰ্চ্ছা গৈলা॥
দেখিয়া কৌশল্যা পৰিলন্তু স্বামী কোলে।
ওৱাৰি পুৰিলা সব ক্ৰন্দনৰ ৰোলে॥
চিৰকালে দশৰথ চেতনক পাইল।
পটেশ্বৰী কৌশল্যাৰ পাছে প্ৰাণ আইল॥
প্ৰথমে ধৰিল যেন অৰণ্যৰ হাতী।
নিশ্বাস ফোকাৰে যেন ঠাঠাৰিৰ ভাটি॥
প্ৰণমিয়া সুমন্ত্ৰে যুৰিলা দুই হাত।
ধীৰে ধীৰে সুধিলন্ত অযোধ্যাৰ নাথ॥
মোহোৰ তনয় নাম পিতৃ পিতামহ॥
কোথা এৰি আসিলি প্ৰস্তুত কথা কহ॥
হস্তী ঘোড় ৰথে যাক আগ পাচ কৰি।
হেন পুত্ৰ বনে আছে ৰাজ্য পৰিহৰি॥
বুলিতে না পাৰে সীতা কোমল থানত।
হেন মাৱ হাণ্ঠে কেনে কণ্টকে বনত॥
কুমৰ লক্ষণ যাত মোৰ বৰ স্নেহ।
কেনে বনবাস খাটে সুকুমাৰ দেহ॥
ৰাজাৰ বচন শুনি পাচে মন্ত্ৰীবৰ।
লোতক মলছি দিলা ৰাজাক উত্তৰ॥
শুনিয়ো গোসাই মোৰ বচন সন্দেশ।
প্ৰণাম অঞ্জলি হেৰা ৰামৰ আদেশ॥
প্ৰদক্ষিণে ভূমিত থাপিলা পাছে মাথ।
কৃতাঞ্জলি বোল শুনা পৃথিবীৰ নাথ॥
ৰামে বুলিলন্তু মোৰ ধৰিয়া গ্ৰীৱত।
জানাইবা আমাৰ বাৰ্ত্তা বাপৰ পাৱত॥