সমললৈ যাওক

পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/২৯৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২১৪
অসমীয়া সাহিত্যৰ চানেকি


কগুৰুখে নাৰীগণ মন্ত্ৰীক চাহাৱে।
বেঢ়াৰ ওপৰে কত গভুৰা বঢ়াৱে॥
শূন্য ৰথে দেখি সবে কান্দিবাক লৈলা।
হা ৰাম লখাই সীতা এৰি কৈক গৈল।৷
নিৰন্তৰে বেঢ়িয়া মন্ত্ৰীক পাৰে গালি।
এৰি আইলি নামক চণ্ডাল পাপশালী।৷
কিনো হিয়া খন তোৰ বজ্ৰসে গঢ়িল।
ৰামক এৰিতে কেন মনত ফলিল।৷
জানিলোহোঁ ইতো ভৰতৰ তাৰি খাইল।
ছলে নিয়া ৰামৰ বনত এৰি আইল।৷
নগৰৰ বাজ কৰি খেদাও ইহাক।
মাৰ ধৰ বুলিয়া গালিৰ দেই জাক।৷
কৰে হুলস্থুল বহু ক্ৰন্দনৰ ৰোল।
অন্তষ পুৰত গৈয়া সঞ্চৰিল বোল।৷
নিৰন্তৰে যতেক ৰাজাৰ মহাদই।
ধৌলিৱৰ শিওৰত চৰিলন্ত গই।৷
হাঁ ৰাম অনাথ আমাক কৰি গৈলি।
দুখ নদী কৈকেয়ী তৰিয়া বাজ ভৈলি॥
হৃদয়ত তোহোৰ গুছিল অনুৰাগ।
আমি ভৈলোঁ কৈকয়ীৰ অষ্টমীৰ ছাগ॥
আমি আপুতীৰ অন্ধলীৰ লাঠি তই।
জল শূন্য তৰু যেন মৰিবোহোঁ জুই॥
পাছে সুমন্ত্ৰত সবে সুধিলন্ত কথা।
কহিলা সুমন্ত্ৰ সবে বনৰ ব্যবস্থা।৷
নাৰীগণ পৰাভৱ শুনন্তে আশেষ।
কান্দন্তে সুমন্ত্ৰ সাত বেবন্ধা প্ৰবেশ॥
ছট ফট কৰে ৰাজা বসি আসনত।
অসুখ অশান্তি সুস্থ নাহিকে মনত।৷
শূন্য :ৰথ দেখি ভৈলা বিয়াকুল চিত।
আসনৰ হন্তে শোকে পৰিলা ভূমিত॥