পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/২৯৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২১৬
অসমীয়া সাহিত্যৰ চানেকি।

শোক দুঃখ এৰি পালন্তোক নিজ শত।
অতি শীঘ্ৰে বাজে আনি থাপন্তো ভৰত॥
লক্ষণে বুলিলা পাছে তোমাক সিদ্ধান্ত।
থিৰ মন কৰি শুনা সি সব বৃত্তান্ত॥
সৰ্ব্বজন হিত ৰত ৰাম মহাভাগ।
বনক পাঠাইলা ৰাজ্য কৰি পৰিত্যাগ॥
ভৰতে তাহাঙ্ক বৰ কৰিবেক হিত।
কান্ধে কৰি কৈকেয়ীক ফুৰন্তোক নিত॥
ভৰতক বুলিলন্ত নিদাৰুণ বাক।
গৰ্ব্ব মান এড়িয়া অবস্থা ৰাখি আক॥
দেখিবে সমন্তে মাৱ কৈকেয়ীৰ সমে।
নুহি অবিলম্বে পাতি মলছিল যমে॥
কৌশল্যাক বুলিলন্ত তেজিয়োক শোক।
বনবাস তৰি যাইবো দেখিবন্তু মোক॥
মনকষ্টে ৰামে বাক্য বুলি পাঠাইলন্ত।
দুই ভায়ে বৰ আঠে জটা নিম্মিলন্ত॥
আগত লক্ষণ জানকীক মাঝ কৰি।
তিনি হন্তে চলি গৈলা গঙ্গা নদী তৰি॥
গুহ ৰাজা সমে চাহি থাকিলোঁ সন্তাপে।
মোক এৰি গৈলা ৰাম জগতৰ বাপে॥
বনে প্ৰবেশিলা তিনি ভৈলোহোঁ উদাস।
নৰকৰ পলুৰ স্বৰ্গত নাহি আশ॥
হুয়া আতি নৈৰাশ আছোহোঁ হাত যোৰে।
আৰ পানি তেজিয়া কান্দায় চাৰি ঘোৰে॥
চিহৰিতে লাগিল ৰামৰ দিশ চাই৷
গুহৰ মোহোৰ দেখি প্ৰাণ ফুটি যাই॥
শীঘ্ৰে বেগে আসি মই পাইলোহোঁ চিয়ালি।
শূন্য ৰথ দেখি লোকে মোক পাৰে গালি॥
কেহোঁ দেই মাৰ ঘোৰ কেহোঁ তোলে লাঠি।
কেহোঁ বোলে মাৰ কিলে কেহোঁ ঘোড়া কাটি॥