পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/২৭২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৯৩
ৰামৰ বনবাস।

কাঢ়ন্ত নিশ্বাস  ভৈলন্ত নৈৰাশ,
 পুনু পুত্ৰ দৰশনে।
মৰ্ম্মে পোড়ে হিয়া  ভূমিত পৰিয়া,
 মূৰ্চ্ছা গৈলা তেতিক্ষণে॥
হাহাকাৰ কৰি  ডাহিনে কৌশল্যা,
 ধৰিলা বিকল ভাৱে।
বাম পাশ চাপি  ধৰিলন্ত পাছে;
 ভৰতৰ নিজ মাৱে॥
কতোক্ষণে পাছে ৰাজা দশৰথে,
 গাৱত চেতন পাইল।
ক্ৰোধ দৃষ্টি অতি  কৰিয়া নৃপতি,
 কৈকেইক লাগি চাইল॥
হাঞৰে পাপিষ্ঠী পৰম অনিষ্ঠী,
 নুচুবি নুচুবি মোক।
গুচ ইঠানৰ জীঞো মানে আৰ,
 মঞিতো নচাইবোঁ তোক॥
সুন ছাৰি এবে  তোৰ বাক্যে যেবে,
  ভৰতে লৱয় ৰাজ।
নলৈবোঁ তোহাৰ  পিণ্ড জলাঞ্জলি,
 আদি কৰি যত কাজ॥
দেখিয়া সুন্দৰী  তোক বিহা কৰি,
 নষ্ট ভৈলোঁ মঞি সাৰ।
নথাক এথাত তাহাৰ মাথাত
 পড়ি বাউক মহামাৰ॥
ধিকাছোক তোক  ৰাম হেন পোক,
  দিলি তঞি বনবাস।
সুনৰে পাপিষ্ঠি!   দূৰ যাহা তঞি,
 মোকে বধিবাক চাস॥

২৫