এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৯২
অসমীয়া সাহিত্যৰ চানেকি।
সবাকো তেজিয়া শীঘ্ৰ বেগে আতি,
চলিয়া গৈলন্ত ৰথে।
হিয়া ধাকুৰিয়া পড়ি বাহুৰিয়া,
নাৰীগণ কান্দে পথে॥
ৰাজা দশৰথ কান্দন্ত পথত,
চলি যান্ত ভূমি পাৱে।
মহাদই যত কান্দন্তে চলন্ত,
ৰাম বুলি দীৰ্ঘ ৰাৱে॥
বশিষ্ঠ প্ৰমুখ্যে কৰিয়া যতেক,
আছন্ত গুৰু ব্ৰাহ্মণ
ৰাজাক সম্বুধি মধুৰ বচন,
বুলিলন্ত তেতিক্ষণ॥
ৰামৰ পুনৰা গমনে তোহ্মাৰ,
আছে যেবে অভিপ্ৰাই।
বহু দূৰ তাঙ্ক আগ বঢ়াইবাক,
এতিক্ষণ নুজুৱাই॥
সুনিয়ো নৃপতি আপুনি চিন্তিলা,
আপুনাৰ সৰ্ব্বনাশ।
আগে সত্য কৰি বৰ দুই দিয়া,
কৈকেইক দিলা আশ॥
বশিষ্ঠে দেখন্ত ৰাজা দশৰথ,
মত্ত গজ যেন আছে।
যুগুত বচন অঙ্কুশে তাহাঙ্ক,
পালটাইলা গুৰু পাছে॥
গুৰুৰ যুগুত বচন সুনিয়া,
ৰহিলা তথা নৰেশ।
ৰামৰ ভিতিক চাহিয়া নৃপতি,
নকৰে চক্ষু নিমেষ॥