এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৯৪
অসমীয়া সাহিত্যৰ চানেকি।
ৰামে তৈত বন ফলক খাইবন্ত,
মঞি ভুঞ্জিবোঁহোঁ তাত।
ৰাজ্য ভোগ সবে তেজিবোঁ বাসনা,
ইতো পুৰী অযোধ্য়াত॥
নাই মোৰ সিদ্ধি হৰি হৰি বিধি,
কি কৰিলি তঞি মোক।
মৰিবাৰ কালে পাইলোহোঁ দাৰুণ,
প্ৰিয় পুত্ৰ ৰাম শোক॥
কৌশল্যা গোসানী গদ গদ ৰাণী,
বুলিলা বচন হিত।
কেনে মতিহীন ভৈলা প্ৰভু এবে,
থিৰ কৰিয়োক চিত॥
নাহি তুল্য যাৰ ত্ৰিভুবনে সাৰ,
তুমি মোৰ নিজ পতি।
ভাল কাৰ্য্য় আৰ নেদেখোঁহো প্ৰভু,
মিলি গৈল বিসঙ্গতি॥
বিষাদে মনত বুলিলন্ত পাছে
অযোধ্যাৰ নিজ নাহা।
মাত নাসে আৰ থানে কৌশল্যাৰ,
মোক আৰে লৈয়া যাহা॥
কিছো স্বস্থ মন ৰাজাৰ বচন,
মন্ত্ৰীগণে যেবে পাইল।
কৌশল্যা দেবীৰ ঠাৱত ৰাজাক
প্ৰবেশ নিয়া কৰাইল॥ '
পটেশ্বৰী সব সহিতে নৃপতি,
পশিলা নিজ পুৰত।
ৰামৰ উত্তম ওৱাৰিক ৰাজা,
দেখিলা কতো দুৰত॥