পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/২৬৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৮৮
অসমীয়া সাহিত্যৰ চানেকি

সীতাৰ নিমিত্তে মাৱ নকৰিবা ভয়।
ধনু ধৰি ৰাখিবোহোঁ লক্ষ্মণ দুৰ্জ্জয়॥
অশ্বিনী কুমাৰো মোক নুহিবন্ত সম।
হাতে ধনু শৰ ধৰি জিনিবোহোঁ যম॥
কাল বিকালক জিনি কীৰ্ত্তি বড় থৈবো
মহেশৰ হাতৰ ত্ৰিশূল কাঢ়ি লৈবোঁ॥
একেশ্বৰে জিনিবো সকলে দেবাসুৰ।
মুঠিতে কৰিবো বাসৱৰ বজ্ৰ চুৰ॥
হাতে ধৰি ছিণ্ডিবোহো বৰুণৰ পাশ।
গদা ভাঙ্গি কুবেৰক কৰিবো উদাস॥
শ্ৰীৰামে বোলন্ত মাৱ তেজিয়োক তাপ।
আশ্বাসিয়ো ভালে মোৰ দশৰথ বাপ॥
ভক্তি ভাবে তুষিয়ো শঙ্কৰ দেব হৰি।
সত্বৰে আসিবোঁ মঞি বনবাস তৰি॥
সুবিনয় সুৰূপ পুত্ৰৰ সুনি বোল।
স্ত্ৰীসবৰ মাঝে ভৈল ক্ৰন্দনৰ ৰোল॥
ক্ৰৌঞ্চ সমূহে যেন নাদয় আকাশে।
ক্ৰন্দনৰ উৰ্ম্মি দশৰথৰ আবাসে॥
ৰাম সীতা সক্ষ্মণ বাপক নমিলন্ত।
পুনু পুনু পাৱে ধৰি ধুলিক লৈলন্ত॥
নমিলন্ত পাচত কৌশল্যা দেবী মাৱ।
অনন্তৰে নমিলন্ত সুমিত্ৰাৰ পাৱ॥
চৰণ বন্দিলা লখাই বিনয় স্বভাৱে।
বৈসাইলন্ত কোলাত সুমিত্ৰা নিজ মাৱে॥
সাফল জীবন মোৰ কল্যাণ সাধিলোঁ।
কত জন্ম পুণ্যে তুমি হেন পুত্ৰ পাইলোঁ॥
উদ্ধৰিলি বংশক সাফল উতপতি।
জেষ্ঠ ভাইত ভৈল তো ইমত ভকতি॥
সীতা তোৰ মঞি সম ৰাম দশৰথ।
অবিৰোধে চল বাপ কল্যাণৰ পথ॥