পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/২৬৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৮৯
ৰামৰ বনৰাস।

শুনা ৰামায়ণ মন সাৱধান কৰি।
ভকতিক ইছা যাৰ ডাকি বোলা হৰি॥

দোলড়ি।

অনন্তৰে ৰাম   সীতা একে ৰথে,
  চড়িলন্ত ৰঙ্গে গই।
পাছত লক্ষ্মণ,  চড়িলা হৰিষে,
  হাতে ধনু শৰ লই॥
চৌধ বৰিষক   লাগিয়া সীতাক,
  বস্ত্ৰ অলঙ্কাৰ লৈয়া।
পেটাৰিত ভৰি  লৈয়া ঝান্ট কৰি,
  সুমন্ত চড়িলা গৈয়া॥
সমন্তে প্ৰজাৰ   তিনি ৰত্ন সাৰ,
  চলিলা থান তেজিয়া।
ওৱাৰি জনৰ   গাৱত সাক্ষাতে,
  অগণি কুণ্ড জালিয়া॥
সিংহ দুৱাৰক   এড়াই অনন্তৰে,
  পাইলা গৈয়া ৰাজপথ।
শোকে দুখে মৰ্ম্মে   পৰিজন সমে,
  পাছে যান্ত দশৰথ॥
উছল প্ৰচল   ভৈল টলবল,
  অযোধ্য়া যত নগৰী।
ৰাম সঙ্গে যাই   আগ পাছ চাই,
  • পলাই যত দেশান্তৰি॥
জুগিৰ কান্ধত   কানি ঝুলি যত,
  হাতে দোৱাদশ কাঠি।
লৱড়ন্তে লৱড়ন্তে   পাছক চাহন্ত,
  • কস্থা মানে গৈল ফাটি॥