পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/২৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৫২
অসমীয়া সাহিত্যৰ চানেকি

হস্তিগনে আজেখিলা-মাৰ জন্য কোৰি।
দেখে কেমতে পাক ৰক্ষা কোৰে হৰি॥
ৰাজাৰ শুনিকা হেন প্ৰচণ্ড বচন।
কৌটি সহস্ৰেক হন্তি খাইলা তেতিক্ষন॥
একো একো হস্তি জেন পৰ্ব্বত সদৃখ।
দান্ত ভিৰি গৰ্জ্জিআ ধাইলেক দসোদিখ॥
ৰাজা বোলে জান্তে মাৰ বিলম্ব নোকৰি।
প্ৰহ্লাদে বোলন্ত মোক ৰক্ষা কৰা হৰি।
অন্তকালে প্ৰহ্লাদে সুমৰে বিথিকেশ।
তেতিক্ষণে হৰি তাৰ হিআত প্ৰবেস॥
মাধৱত পৰে কোন আচে সংসাৰত।
তাৱক্ষনে প্ৰবেসিলা তান সৰিৰত॥
তেতিক্ষনে হৈলা বজ্ৰসম কলেঅৰ।
অচেদ অভেদ দেহা অজৰ অমৰ॥
হস্তিগনে বেঢ়ি দন্তে ভিৰি সিৰ কন্ধে।
ভেদিতে নপাৰে তাক অনেক প্ৰবন্ধে॥
সুণ্ডে মেঢ়াই আনি কতো চতকয় পাৱে।
কিঞ্চিতো নটলে দেহা হৰিৰ প্ৰভাৱে॥
দান্ত ভিৰিলেক জিতো দান্ত গৈলা ভাগি।
সুণ্ডে মেঢ়াইলেক জিতো সুণ্ড গৈলা চিগি॥
মাৰিবে নপাৰি হস্তিগন অন্তৰিলা।
হেন দেখি হিৰন্যো জে ৰাজাএ ডৰিলা॥
মনে মনে গুনি ৰাজা কোৰিলন্ত সাৰ।
হস্তি সাধ্য, মন্ত্ৰ কিবা জানে দুৰাচাৰ॥
কৈৰ সৰ্পগণ জান্তে আন শিঘ্ৰ ফোৰি।
দান্ত হানি পেখু আঙ্ক জমেৰ নগোৰি॥
ৰাজাৰ আদেখ হেন সুনি সৰ্পগণ।
কোঙ্কৰ কৰিআ সবে ধাইলা তেতিক্ষন॥
একো একো সৰ্পক দেখন্তে ভয়ঙ্কৰ।
ফনাএ লঙ্ঘিলা জেন মেঘ আকাসৰ॥