পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/২৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৫৩
প্ৰহ্লাদ চৰিত্ৰ

আকাসত সবে দেৱগন গৈলা ভৰি।
প্ৰহ্লাদে বুলন্ত মোক ৰক্ষা কৰা হৰি॥
সৰ্পগণে খুন্তিআৱে বেঢ়ি দসো দিখ।
ভেদিতে নপাৰে সৰ্প নলাগয় বিখ॥
খুন্তিআন্তে দখন ভাগিলা সবাহাৰ।
দান্ত ভাঙ্গা সৰ্পৰ ফোফেনি মাত্ৰ সাৰ॥
মাৰিবে নপাৰি সৰ্পগন অন্তৰিলা॥
হেন দেখি হিৰন্য জে ৰাজাএ ডৰিলা।
হৰিক সুমৰি পাচে প্ৰহ্লাদ জে ৰৈল।
মন্ত্ৰিক বুলন্ত ৰাজা তপ্ত কৰা তৈল॥
ৰাজাৰ আদেশ মন্ত্ৰি সিৰোগত কোৰি।
জঙ্কা গোট আনি তাতে থৈলা তৈল ভোৰি॥
সহস্ৰেক লোকে ধোৰি তৈলক তাৱয়।
বাহ্ৰয় অগনি জেন সবদ কৰয়॥
গিৰ গিৰ কৰি বহ্ণি তৈলত উঠয়।
মন্ত্ৰি বোলে জান্তে আন ৰাজাৰ তনয়॥
নাৰিকল গোট আনি পেলাইলেক পাচে।
ফুতি গৈলা নাৰিকল সবে দেখি আচে॥
তৈলত পেলাইবে লাগি লৈআ জাই ধোৰি।
প্ৰহ্লাদক তৈলত পেলাইল ধঙ্কা মাৰি॥
তাত পৰি প্ৰহ্লাদে সুমৰে হৰি হৰি।
সদানন্দ ভগৱন্ত অনন্ত মুৰাৰি॥
ৰক্ষা কৰা হে হৰি ভৈলো তজু দাস।
ভকত বৎসল প্ৰভু নকৰা নৈৰাস॥
জেবে হৰি সুমৰিলা ৰাজাৰ তনয়।
তপ্ত তৈল জুৰ ভৈলা জেন জলময়॥
অধিকে জলিলা কান্তি দেহা দখ গুনে।
হৰি জাক ৰক্ষা কৰে মাৰে তাক কুনে॥
দেখিলেক ৰাজা জেবে পুত্ৰ নমৰিলা।
দখন কামুৰি ক্ৰুধে বচন বুলিলা॥