পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/২৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৫১
প্ৰহ্লাদ চৰিত্ৰ

হেন মুনি হিৰন্যৰ কুক ভৈলা মন।
এদিক মাতি আন অৰে দূতগণ॥
ৰাজাৰ আদেখে দূত গৈলা সিঘ্ৰ কৰি।
প্ৰহ্লাদক আনি ঠেকাইলেক দৰদড়ি॥
সবে সমজ্যাৰ লোক আচে চাই চাই।
তথাপিও প্ৰহ্লাদৰ ভুৰু ভঙ্গ নাই।
তাৱক্ষনে সুমৰিলা সাতবাৰ হৰি।
ৰাজাৰ আগত ৰৈলা মৌন ৰূপ ধৰি।
অধিকে জলিলা কোপ হিৰন্যকোসিপু।
দুৰাচাৰ পুত্ৰ তঞি ভৈলি মোৰ ৰিপু॥
হৰি সুমৰস তঞি মোহোৰ আগত।
সুনি সুচি তাৰে জেন মোহোৰ কানত।
একে জে অসুৰ আমি বিধি বামানয়।
হৰি সুমৰনে পাপ অধিকে চাপয়॥
মোত খাটে হৰি হৰ ব্ৰহ্মা পুৰন্দৰ।
কোন দেৱ আচে আউৰ মোহোৰ উপৰ॥
তিনিও ভুবনে দেখা মঞি অধিকাৰি।
মোৰ পুত্ৰ হুয়া তুঞি সুমৰস হৰি॥
দুৰাচাৰ পুত্ৰ তঞি এভো হেন কৰ।
প্ৰানখানি ৰক্ষা কৰ হৰি নুসুমৰ॥
বিসেখোত হৰি মোৰ হন্ত ভাতৃবৈৰী।
বামানয় শাস্ত্ৰক পঢ়িও ভাল কৰি॥
প্ৰহ্লাদ বদতি বাপ নাসে আন বানি।
হৰি সুমৰনে মোৰ জাউক প্ৰান খানি॥
ক্ৰোধিলেক ৰাজাএ পুত্ৰৰ সুনি বানি।
তুলাত লাগিল জেন প্ৰচণ্ড অগনি॥
ক্ৰোধৰ বেগত, ৰাজা ন পান্ত উপাই।
থৰমৰ কোৰিআ পুত্ৰক আচে চাই॥
চাৰি দিখে দৃষ্টি ভৰি চাহন্ত নিৰোখি।
কৌটি সহস্ৰেক হস্তি মাউতে আচে ৰোখি॥