পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/২০৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২৭
ডাক-ভণিতা।

দধি মধু ঘৃত শুক্ল তণ্ডুল।
শুকুলা চামৰ শুকুলা ফুল॥
হংস দৈবজ্ঞ সুন্দৰী কন্যা।
যাত্ৰাৰ কালত সকলো ধন্যা॥
দ্বিজ মৃগ মীন দেখিয়া থৈবা।
অগ্নিৰ তৰঙ্গ বামত পাইবা॥
আগ কৰি দক্ষিণ পাও।
যৈকে লাগে তৈকে যাও॥
ক্ৰন্দন ভাল দীঘল কৰি কান্দে।
শকুনিয়ো ভাল উড়ি যাই কান্ধে॥
সুদা কুন্তো ভাল পানী লাগি যাই।
সৰ্পো ভাল ডাহিনত পাই॥
নাম অক্ষৰ দুই মাত্ৰ কৰি।
নাম স্থিৰ কৰি পুৰুষ নাৰী॥
বেদে হৰি পাইব ভাগ।
তেবে পাইব জীৱন মৰণ লাগ॥
শূন্যে একে মৰে পতি।
দুই পালে মৰে যুবতী॥
তিনি পাইলে উভয় মৰণ।
ডাকৰ এই নিশ্চয় বচন॥
যোগীৰ অক্ষৰ গ্ৰহে গণিয়া।
তিনি বাৰ লৈব সম কৰিয়া॥
বসু দিয়া তাক হৰিব ভাগ।
জীৱন মৰণ পাইব লাগ॥
চন্দ্ৰনেত্ৰে পাইব বান।
যমৰ পুৰৰ বাহুৰি আন॥
ভূত বেদ পাইব ছয়।
দিনা চাৰি পাঞ্চ মিলন হয়॥
সপ্ত শূন্য পাইব যেবে।
ৰোগীৰ কহয় তেবে॥