পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/১৯১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১২
অসমীয়া সাহিত্যৰ চানেকি।

তেবেসে মাণিক আন্ধাৰে জলে।
তেবেসে তৰু হালি নাই ফলে॥
তেবসে সতী স্বামী সঙ্গে যায়।
তেবেসে বিদ্যা ধনধৰ্ম্ম পায়॥
যিষু যাই যদি কায়ে কুঁজে।
প্ৰজা মৰিব অনাযুজে॥
নগৰ মাজত কুঁৱা কুঁই দেখি।
নৰৰ মুণ্ড গণ্ডা গণ্ডা লেখি॥
আকাশত ভাবে পানীৰ গছা।
পৃথিবী বুড়াইব জানিব সঞ্চা॥
কটা নাকত কিহৰ ঢাকনী।
যাচি গলে কিহৰ ৰান্ধনী॥
অশুদ্ধ হৈলে কিহৰ পাত্ৰ।
তিনিকে জানিবা বৰ্বৰৰ মাত্ৰ॥
ৰাজাক চিনিবা দানত।
ঘোৰাক চিনিবা কাণত॥
খুৰক চিনিবা শাণত।
তিৰীক চি্নিবা স্নানত॥
ভোজনৰ ৰস ভুঞ্জিয়ো ভোকে।
বাণিজ্যৰ ৰস বেহাই লোকে॥
যাত্ৰাৰ ৰস আনে বয় তাৰ।
কথাৰ ৰল ত্ৰিভুবনে সাৰ॥
নৰ গজ বিশ ছয়।
বছৰ বত্ৰিশ ঘোষা বয়॥
চৌবিশ বলধা ষোল ছাগল।
পঢ়ি শুনি বৰাহ পাগল॥
জন্ম লগ্ন যাত্ৰা জোৰা।
বৰাই মিহিয়ে নপায়ে ওৰা॥
পঢ়ে পঢ়াই ৰোৱে পান।
এই তিনি নিচিন্তে আন॥