পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/১৫৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৭
মন্ত্ৰ আৰু ভনিতা যুগ।

দেখিলা চন্দ্ৰ বহি আছে।
তাক পক্ষি ৰাজে বান্ধিলা পাচে॥
সূৰ্য্যক বান্ধিবে গইলা ধাই।
চাৰি ও ঘোৰাক পেলাইলা খাই॥
ৰথত বহিবা জেবে নপাৰি।
চন্দ্ৰ সূৰ্য্য ভৈলা এক সাৰি॥
চন্দ্ৰক সূৰ্য্যক বান্ধিয়া থৈলা।
তেবে পক্ষি ৰা কৈলাস গৈলা॥
দেখি পক্ষি ৰাজে মহেশ্বৰ বিচুৰ্ত্তি ভৈলা।
কৈলাস সহিতে বান্ধিবে লৈলা॥
পাৰ্ব্বতী আছে তাহান ঠাই।।
আৰু পক্ষি ৰাজে পেলাইলা খাই॥
বান্ধ পাই মহেশ্বৰ মাতিলা কিসৰ কাৰণ।
বাপ পক্ষি বাজে বুলে সুনা মহেশ্বৰ।
কোন কোন দেৱ আনি আছে আমাৰ ওচৰ॥
পাচে মহেশ্বৰোক কোপ কৰি চাইলা।
কৌটি এক দেৱতা মাতিয়া পঠাইলা॥
তাক সুনি কুবিৰ আসিলা ধাই।
তাক পক্ষি ৰাজে পেলাইলা খাই॥
পাৰ্ব্বতী বুলে সুনা পক্ষি ৰাজ।
এতিক্ষণে পাইলা দেৱোৰ সমাজ॥
সুনি পক্ষি ৰাজে ৰঙ্গ উপজিলা।
মাথাৰ উপৰত নিয়া কাচিলা॥
আকতা বিষ্ণতা গলাই গতা আছে।
তাক পক্ষি ৰাজে বান্ধিলা পাচে॥
যেবে পক্ষি ৰাজোৰ বাঙ্কোৰ চোত পাই।
অসংখ্যাত গলাইক বান্ধিলা জাই॥
জটীয়া গলাই বান্ধো মটীয়া গলাই বান্ধো।
যতেক গলাই আছে মানে চুৰ পাচে পক্ষি ৰাজে যমপুৰে গৈলা।
যম ৰাজা আছে পাতি সমাজ॥