পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/১৫৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৮
অসমীয়া সাহিত্যৰ চানেকি

বমে বোলে সুনা পখি বাই।
কিসক আসিলা আমাৰ ঠাই॥
বি কাৰ্য্যে আসিলা সি কাৰ্য্য কও।
তোমাৰ দুতক বান্ধিয়া থও॥
যেবে পখি ৰাজ আছে ঠিয় ভৈলা।
যমৰ দুতোক বান্ধিয়া পেলাইলা॥
যমে বোলে মই কি কাৰ্য্য কৰো।
তোমাৰ বান্ধত সমুলি মৰো॥
বান্ধো হাত বান্ধো বাত।
বান্ধিলো যমৰ দুতক কৰিলো বন্দি॥
ন পাইলা যমে পলাইবাৰ সন্ধি।
বান্ধো মঠৰ দুৱাৰ বান্ধো কৈলাসক বান্ধো॥
একে সৰি কৰি যেবে পখি কৈলাসক বান্ধিলা।
সাগাৰ মধ্যত তেখনে পৰিলা॥
সাগৰে বুলে সুনা পখি বাই।
কি কাৰ্য্যে আসিলা আমাৰ ঠাই॥
সুনি পখি ৰাজে উঠিলা দাতি।
যমোৰ মায়াক থৈলাহা বান্ধি॥
সুনিয়া সাগৰে খলক লাগিলা।
যমোৰ মায়াক বান্ধিয়া পেলাইলা।
বান্ধিলা সাগৰে নেদিলা উত্তৰ।
তেখনে গৈলা কালিকাৰ ঘৰ॥
কালিকায়ে আছে দুই শাখা পিন্ধি।
তেখনে কালিকাই পেলাইলেক বান্ধি॥
বান্ধ পাই কালিকাই আচন্ত চাই।
কিসক বান্ধিলা আমাক পাই॥
সুনিয়া পক্ষিৰ ক্ৰোধিত মন।
বসিবা তেখনে দিলা আসন॥
দুই গোট চক্ষু জলে অগনি সমান।
খোঠ্‌ গোট জলে যেন হিঙ্গুল প্ৰমান॥