পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/১৫৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

অসমীয়া সাহিত্যৰ চানেকি।
মন্ত্ৰ আৰু ভণিতা যুগ।
পক্ষীৰাজ মন্ত্ৰ।
শ্ৰীকৃষ্ণায় নমঃ।

নাভি পদ্মো হন্তে ব্ৰহ্মা উপজিলা।
যৈসানি ব্ৰহ্মাদেৱে গৰ্জ্জন কৰিলা॥
সৃষ্টিৰ মধ্যত এক পক্ষি উপজিলা।
দেখিয়া তাহাৰ পক্ষিৰাজ নাম থৈলা।
পক্ষিৰাজ মন্ত্ৰ পঢ়ে ডাতি।
সাতখান দেৱৰ মায়া পেলাইলেক কাতি॥
ৰাওদি পক্ষি স্বৰ্গক গৈলা।
সাতখান স্বৰ্গ মধ্যত পৰিলা॥
যেবে পক্ষি ৰাজ ইন্দ্ৰক পাইলা।
খাত সহিতে বান্ধিবাক লৈলা॥
অনাদি সহিতে হৰোৰ ঠাই।
তাক পক্ষি ৰাজে পেলাইলা খাই॥
সুনি পক্ষি ৰাজে দেৱজাক।
দেখি পক্ষি ৰাজে দিলা ডাক॥
তাক ধৰি আসিলা ধাই।
তাক পক্ষি ৰাজে পেলাইলা খাই॥
স্বৰ্গত আছে দেৱ সমাজ।
দেখি পক্ষি ৰাজে পসিলা মাজ॥
স্বৰ্গৰ দেৱতা ভৈলা নিপাত।
চন্দ্ৰ সূৰ্য্যক দেখিলা তাত॥