পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/১৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

গাৱলীয়া গীত। চা সূকজলৈ চাৰি যাই মালিনী | চাঁদ সূৰুলৈ চাৰি। টীয়া নোহোৱা মালতীৰে মলা কোনে গুথিছিলে কবি। খহুৱা মহুৱা আছে নাতি লৰা | সেয়ে গুথি দিলে মালা। হাকো নুশুনিলে • বাধা নামানিলে আহুকাল লগালে ভাল। ঢাপৰ কাণ কটা সিজু ঐ মালিনী | ঢাপৰ কাণ কটা সিজু। খোপাৰ মলা ধাৰী পিন্ধিব খোজোতে | খোপাত খাই গল বিজু। উভালি তুলিবৰ কচু ঐ মালিনী উভালি তুলিবৰ কচু। বুকৰ মলাষাৰী পিন্ধিব খোজোতে পড়িল আখৰতে চকু। “কেলৈ ফুলিলি ৰূপহী মদাৰে কেলৈ পেলালি কলি। গুৰুতো নেলাগ গোসাতিতা নেলগ থাক তলে ভৰি সৰি।” তাও কাপোৰৰে গাঁঠি ঐ মালিনী তাও কাপোৰৰে গাঁঠি। তই বিঐ বাজী জীয়েৰ কাঠ বাজী কত পালি কুমলীয়া নাতি॥ চাদ সূজলৈ চাবি ঐ মালিনী চাঁদ সূৰুলৈ চাবি। গৈছে দুই কাল আছে যে একাল সইত সইভ কথা কবি।