পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/১৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অসমীয়া সাহিত্যৰ চানেকি। কলেও টা যায় : নকলেও নেড়ে পাঁচতুলী কোটোৰ গাঁঠি। কলে ভাজি পাতি সকলো বাতৰি কেনেকৈ কোঞৰ হল নাতি। চাঁদ সূকজলৈ চাবি ঐ মালিনী চাঁদ সূজলৈ চাবি। হুৱা মহুৱা নাতি কুমলীয়া সােনকালে পঠিয়াই দিবি। জাৰে নগৰ খান চাৰিকৈ চুকীয়া হেজাৰী বৰুৱাই ৰখে। চড়াই চিড়িকটি পশিব নােৱাৰে কোনো কেনেকৈ পশে। কাশি ফুৰিমে বিনাই ফুৰিমে কতো নেপামে মুখ। ও মৰণেৰে মাৰিলি মালিনী | এতিয়া নেচাৱ মুখ। তােকে বুলি যাও দিজাই বাই মালিনী কিয় আনিছিলি মালা। বেঙ্গ হৈ আহিলি সাপ হৈ খুটিলি ভাল বুকত জিলি জালা। ওলাই মাৰ গলে ধুপ ধুপী তৰা আকাশৰ নেজালী ভৰা। কতেক বলে চাই থাক বাই মালিনী | কোৰক পাউনি কৰা। লাটিম বৰুৱাৰে চাটিম বাই শালিনী লাটিম বৰুৱাৰে চাটিম। কোএক নিদিলে তিনি সইত খাইছে। তোৰে নাকে গুলি কাটিম।