পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/১১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪০
অসমীয়া সাহিত্যৰ চানেকি।

আহিনৰ মাহতে দেবীৰ অষ্টমী
হাঁহ কাটে পাঠা কাটে পাৰ জাকে জাক।
যতে আছে প্ৰাণস্বামী তৈতে ভালে থাক॥

কাতিৰ মাহত ওলাল ন শালীৰ খোৰ।
বাৰ মাহৰ তেৰ গীত গাই কৈলো ওৰ॥
বাৰে মাহৰ তেৰ গীত লওৰে গণিয়া।
তাকে বৰ্ণাই কান্দে মধুমতী কন্যা॥
বাৰ মাহৰ তেৰ গীত মাহে মাহে তিথি।
গাওঁতাৰ খণ্ডে পাপ, শুনুতাৰ মুকুতি॥

(খ) কন্যা বাৰ মাহী।

আঘোণৰ মাহতে কন্যা সংসাৰে নৱান ধান।
কতেক খাইতে মধু কতেক পুৰাণ॥
যাৰ সঙ্গে প্ৰিয়া আছে ৰান্ধি ভাত খায়।
আমাৰ সঙ্গে প্ৰিয়া নাই (থাকিম) পৰেৰ মুখ চাই॥
আগ বাঢ়ি লোৱা কন্যা সাতসৰি হাৰ।
দুই বাহুত তুলি দিম সোণাৰ ঝাম্প টাৰ॥
কাণ চাই জিম কন্যা হীৰাৰ মদনকড়ি।
ককাল চাই দিম কন্যা কাঞ্চন পাতৰ সাৰি॥
ভৰি চাই দিম কন্যা ভৰিৰে নেপুৰ।
কপাল চাই দিম কন্যা সিথাৰ সেন্দুৰ॥

পৌষৰ মাসতে কন্যা পুষ্পে অধিকাৰী।
স্বামীতে ভকতি কৰে ভাগ্যৱতী নাৰী॥
ভাগ্যবতী নাৰী যিতো সাম্ফল জীবন।
স্বামী হেন ধন নাই ই তিনি ভুবন॥