পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/১২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪১
বাৰমাহী গীত

মাঘৰ মাসতে কন্যাৰ হৈল চাৰি মাস,
তিনি দেশৰ সাউদ আহি লগাইলা মাত।
চাউল দেওঁ পাতিল দেওঁ ৰান্ধি খোৱা ভাত,
ভাল ভাল দাসী দেওঁ চুৱা ফেলাইবাক।
ঢৌ দেওঁ জান্তি দেওঁ বালুত মাৰ্জিয়া,
ভোগ ধানৰ চাউল দেওঁ দুধত পখালিয়া।
ভাত কঙ্গালী নহওঁ কন্যা ভাত ৰান্ধি খাম,
ধনৰ কঙ্গালী নহওঁ কন্যা ধন লৈয়া যাম।

ফাগুণৰ মাসতে কন্যা বসন্তৰে কাল,
জাঁই যুতি ফুলে ফুল বেলি তৰুৱাল।
জাঁই যুতি ফুটে ফুল তপত নয়ান,
জাঁই যুতি ফুলে ফুল খোপাতে ফুলাম।
ফাগুণৰ মাসতে পাই মনে বৰি দুখ,
স্বামীৰ কটিত ভুকা কেনে তথুৱা কুকুৰ।
কুকুৰ ভূকিলেৰে গিৰস্থে পাইব সাৰি
তেখনে বুলিব আমাক পুৰুষ বধা নাৰী।

চৈতৰ মাসতে কন্যা চতুৰ দিশে মন,
বিলাওৰে বিলাওৰে কন্যা নৱান যৌবন।
খাওৰে কন্যা কৰ্পূৰ তাম্বুল বাঢ়োক পিৰীতি,
গুচাও মনৰ কৈটৰ মাগিছোঁ সুৰতি।
কি বিলাইবো কি বিলাইবো সাউদৰ নন্দন,
কাঠেৰে বান্ধিছো হিয়া নুতোলাইবো মন।
শাণ্ডৰী দুলালী কন্যা স্বামীত পৰাণ,
পৰ পুৰুষক দেখোঁ বাপ ভাই সমান।
লাউদ বোলোঁ সদাগৰ বোলোঁ তাই তোমাকে,
ধৰমক চিন্তি তুমি যোৱাঁ ৰাজপথে।