পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/১১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৯
বাৰমাহী গীত।

চৈতৰ মাহত পকি সৰে বেল।
সেই বেল লৈ স্বামী বনিজক গেল॥
বনিজক গৈ স্বামী কিবা পালে নিধি।
ডাক দালিম শ্ৰীফল খাইতে নেদে বিধি॥

বৈহাগৰ মাহত ডাউকী কান্দয়।
ডাউকীৰ কান্দন শুনি হৃদয় নসহয়॥
বৈহাগৰ মাহত কুলিয়ে কৰে ৰাৱ।
কুলিৰ কান্দন শুনি নুজুৰাই গাৱ॥

জেঠৰ মাহত আৰৈ ধানৰ বাৰা।
ডাউকীৰ কান্দন শুনি শৰীৰ ভৈলা জৰা॥
জেঠৰ মাহতে জেঠৰ বাৰে খৰ।।
যাকে বোলো আপোন আপোন সেয়ে হয় পৰ॥

আষাঢ়ৰ মাহত আহৰে আহু ধান।
নদী নলা ভাহি যায় সিও এটা বান॥
খেতিয়াৰ লোকে পাৰিছে কঠিয়া।
এৰি গল প্ৰাণ স্বামী আহিব কেতিয়া॥
আহকে বহকে স্বামী দেখোঁ চান্দ মুখ।
হেৰা গুচক মোৰ জনমৰ দুখ॥

শাওণৰ মাহত ৰোৱনৰ দিন।
খাব নাপালে পুৰুষৰ ৰস হয় হীন॥
কিবা খালো কিবা ললো কি কৰে মনে।
গলত কটাৰি দি তেজিম পৰাণে॥

ভাদৰ মাহত শীতৰ খৰালি।
নদীনলা গুকাই গল পৰিল ঢৌৱা বালি॥
কোঢ়া ৰাৱে কুঢ়ী ৰাৱে ৰাৱে ৰাজ হাঁহ।
হেলায় খোৱালো মই বাৰিষা ছয় মাহ॥

আহিনৰ মাহত তুলসীৰ গোৰে চাতি।
বিধবা ব্ৰাহ্মণী পুজে হাতে লৈয়া বাতি॥