পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/১১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৭
নাওখেলোৱা গীত।


অন্য ৰাধাক পাৰ কৰিলে লৈবোঁ আনা আনা।
তয় ৰাধাক পাৰ কৰিলে লৈবোঁ কাণৰ সােণা॥

(৫)

এ বিনন্দ বাঁশী ৰাধা ৰাধা বুলি ডাকাহে।
ছালে মৰিল হালােৱা গৰু, পথাৰে মৰিল গাই।
পানী খাওঁতে ডমৰা মৰিল কটি ঠেকচা খাই।
চালে মৰিল চাল কুমুৰা বেৰাই মৰিল পুঁই।
দেশৰ বন্ধু দেশে গৈলা বুকে দিয়া জুই॥
এ বিনন্দ বাঁশী ৰাধা ৰাধা বুলি ডাকাহে।

(৬)

আবেলি বেলিকা বানে বৰখুণে
 সাত সাগৰৰে ৰেৱা।
পাৰোনে নোৱাৰো  ভাৰসা কৰিলাে,
 দিলো সাগৰতে খেৱা॥
নাও শালে কাঠৰ,  থােৰালি মহুৰা,
 শিলা দিলে তাতে ভৰা।
থাউনি পানী এড়ি,  এথাউনিত পড়িলো,
 প্রভু হাতে মেলি ধৰা ॥

——