পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/১১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৬
অসমীয়া সাহিত্যৰ চানেকি।


মাঝিক দিব টকা টকা গুৰিয়ালক দিব সোণা।
আমাৰ সাউদ নিজে যায় সবে দিও মানা॥
লীলাবতীৰ কান্দনতে সাউদৰ চাপিল দয়া।
বনিজে নগৈল সাউদ লোকে বুলিবে বেয়া॥
লীলাবতীৰ কান্দনতে গৰ্ভে গৰঙ লৰে।
কেচা বিৰিখৰ পাত সিও সৰি পৰে।
আমি যাইবো দূৰ দেশে মনে বৈব ধান্দা।
আমাৰ হাতৰ মোহন বাঁশী থৈয়া যাব বান্ধা॥
বালিৰ ওপৰ খাইবা ভাত নৌকাৰ ওপৰ শুইবা।
ৰজনি প্ৰভাত হইলে কাৰ মুখ চাইবা॥

(৩)

কানীয়া ভাই কি কই কি কই বধিলি মোক।
হেৰেই হেৰেই কানীয়া তিৰী, কত গল তোৰ ঘৰৰ গিৰী
মোক এটা আধলি দিবা আছে।
ধনী আহিবৰ বাতৰি পাই বেড়া ভাঙ্গি লৰ দেয়
গড়খাইত পৰি কেঁকো জেঁকো কৰে।
কানি খাওঁতে কানি খাওঁতে বাটি গল বেচা।
কানীয়াৰ ঘৰত নাই ঘৰ মোচা লেচা।
ভগাই নিলা ভগাই নিলা ভগাই নিলা লোটা,
কানীয়াৰ ভাগত পৰিল গৈ ঢেঁকীথোৰা এটা॥

(৪)

কানাই পাৰ কৰ ৰে, বেলিৰ দিকি চাৱা।
নষ্ট হৈল দুধেৰ ভাণ্ডাৰ ৰাজাৰ গৈল বৈয়া।
কাঠৰ দেশত থাকা কাঠৰ কিবা দুখ।
ভজ নৌকাত পাৰ কৰি কিবা পোৱা সুখ॥
ভাঙ্গা নহয় ছিঙ্গা নহয় গাৰ্মেৰীৰে সাৰ।
হাতী ঘোঁড়া পাৰ কৰোঁ ৰাধাৰ কিমান তাৰ॥
নালাগে তোহাৰ কড়ি নকৰো মই পাৰ।
অন্য বাটে গৈয়া ৰাধা হৈয়ো তুমি পাৰ॥