পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/১১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

বাৰমাহী গীত।

(ক) মধুমতীৰ গীত।

অঘোণৰ মাহতে নাকাটিলা পাত।
খাবলৈ নাপালা প্ৰভু নৱান ধানৰ ভাত॥
আঘোণৰ মাহতে নাৰীৰ উতপতি।
হাতত তম্বুৰা লৈ নামিল সৰস্বতী॥

পুহৰ মাহত পূৰণৰ জীয়াৰী।
স্বামীসবে ভক্তি কৰে ভাগ্যৱতী নাৰী॥

মাঘৰ মাহুতে ধৰমৰ তিথি।
ডাক দালিম শ্ৰীফল খাইতে নেদে বিধি॥
তুলি পাৰে গাৰু পাৰে আতি বিপৰিত।
তাতে বহি মধুমতী জুৰিলেক গীত॥
তুলি পাৰে গাৰু পাৰে সোণৰ সিংহাসন।
তাতে বহি মধুমতী জুৰিলা ক্ৰন্দন॥

ফাগুণৰ মাহত ফাগুৰ বাতৰি।
দেউলৰ ওপৰত দেউল তুলিয়া মগৰি॥
তাৰ ওপৰত নাগপাশ জৰি।
ধৰণীত পৰি কান্দে সুমৰি সুমৰি॥
সকল সাউদে ফাগু মাৰে ৰান্ধি ভাত খাই।
মই নাৰী অভাগিনী থাকোঁ পৰৰ মুখ চাই॥
বনৰ বনুৱা পখী সিও থাকে জোৰে।
মই অভাগিনী থাকোঁ অকলশৰে॥
বনৰ বনুৱা পখী সিও বান্ধে বাহা ঘৰ।
মই নাৰী অভাগিনী থাকোঁ অকলশৰ॥