পৃষ্ঠা:অসমীয়া সাহিত্যৰ অধ্যয়ন.pdf/৯৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৯০
অসমীয়া সাহিত্যৰ অধ্যয়ন


ভাষাতকৈ অৰ্বাচীন আৰু অসমীয়া ভাষা আৰু ব্যাকৰণৰ সাঁচ ইয়াত কোনোমতে নুই কৰিব নোৱাৰি। বঙলা ভাষাৰ ফালৰ পৰা, দীনেশচন্দ্ৰ সেনৰ মতে ই একাদশ শতিকাৰ, যোগেশচন্দ্ৰ বিদ্যানিধিৰ মতে চতুৰ্দশ শতিকাৰ আগৰ আৰু সুনীতিকুমাৰ চট্টোপাধ্যায়ৰ মতে পঞ্চদশ শতিকাৰ পূৰ্বৰ নহয়। ভাষা আৰু ছন্দৰ অথিৰ অৱস্থাৰ পৰাও আমি ইয়াক ত্ৰয়োদশ শতিকাৰ পাছৰ বুলি ভাবিব নোৱাৰোঁ। বৌদ্ধ ধৰ্ম্মৰ শূন্যবাদৰ লগত হিন্দু ধৰ্মৰ পাতনি জোৰা ইয়াত যি দেখা যায় তাৰ পৰাই তাতকৈ অৰ্বাচীন নহয় যেন লাগে।

 দীনেশচন্দ্ৰই শূন্যপুৰাণত পোৱা মিহলি গদ্যৰ আৰ্হিও মন কৰিব লগীয়া। “হে ভগৱান, বাৰ ভাই বাৰ আদিত্ত হাথ পাতি নেহ সেৱকৰ অৰ্ঘ পুষ্প পানি, সেৱক হব সুখী। ধমত কানুই গুৰু পণ্ডিত দেউল দান পতি সংসাৰ ভোক্ত এমনি সন্ন্যাসী গতি যাইতি।’’ “বাতিত পাথৰ চাৰি পতি কৰ। কতে হল সুদ সামৰ অৰ্হা। কাঞ্চন বান্ধিআ মাযজে কৰিলা কত কাল মণ্ডপে ফটিকৰ থান লগে চন্দন নদন আৰু শত ডাকে লাগি গজন।” “দেউল দেহৰ ভাঙ্গে। ক্যাৰ্হ ক্ষিৰ্হ্য খায় ৰঙ্গে। পথৰ পখৰ বোলে বোল।"

⸺⸺

“শ্ৰীকৃষ্ণ কীৰ্ত্তন” কাব্য—বড়ূ চণ্ডীদাস

তথাকথিত আৰু পুৰণি বঙলা ভাষা-সাহিত্যৰ তিনটি খুউব এটি চণ্ডীদাসৰ শ্ৰীকৃষ্ণকীৰ্ত্তন। বঙালী ভাষাৰ অধিকাৰীসকলৰ অন্যতম ৰাখালদাস বানাৰ্জীৰ মতে এই পুথিৰ লিপি আৰু ভাষা চতুৰ্দশ শতিকাৰ বঙলাৰ নিদৰ্শন; বামেন্দ্ৰ সুন্দৰ ত্ৰিবেদীৰ মতে ই সেই যুগৰ পশ্চিম বঙ্গৰ ভাষাৰ চানেকি। আৰু প্ৰায় আটাইৰে মতে অৰ্বাচীন ভাষাত চলিত ৰাধা-কৃষ্ণৰ প্ৰেম-গীতি ৰচয়িতা নকল চণ্ডীদাসৰ ঠাইত ইয়াত প্ৰকৃত চণ্ডীদাস আবিষ্কাৰ!

 লিপি-বিশেষজ্ঞ উক্ত বানাৰ্জীৰ মতে এই পুথিত প্ৰাচীন, ভাব অনুকৰণ আৰু অৰ্বাচীন, তিনি বিধ লিপি আছে; কিন্তু সম্পূৰ্ণ প্ৰাচীন পুথিত অৰ্বাচীন লিপি কেনেকৈ হব পাৰে ই আমাৰ বোধগম্য নহয়। তদুপৰি তেওঁৰ