পৃষ্ঠা:অসমীয়া সাহিত্যৰ অধ্যয়ন.pdf/৯৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

অসমীয়া সাহিত্যৰ অধ্যয়ন


“শূন্যপুৰাণ” কাব্য—নিমাই পণ্ডিৎ

“নাছিল জল থল নাছিল আকাশ।
মেৰু মন্দাৰ নাছিল নাছিল কৈলাস॥
নাছিল সৃষ্টি আৰু নাহি সুৰ নৰ।
ব্ৰহ্মা বিষ্ণু নাছিল নাছিল আঁবৰ॥
আউ মিত্তু নাছিল জমৰ ভাৰণ।
সুন্নত ভৰমন্ পৰভুব সুনে কৰি ভব॥
দশ দিকপাল নহি মেঘ তাৰাগণ।
আউ মিত্তু নাছিল জমৰ তাৰণ।...
“জখন আছে গোসাঞি হুয়া দিগম্বৰ।
ঘৰে ঘৰে ভিখা মাগি বুলে ঈশ্বৰ॥
ৰজনী পৰভাতে ভিখাৰ লগি যাই।
কুথাএ পাই কুথাএ নাপাই॥
পুখুৰি কাঁদাএ লইব ভূমখানি।
আৰসা হইলে যেন ছিচএ দিব পানি॥
ঘৰে ধান থাকিলেক পৰভু সুখে অন্ন খাব।
অন্নৰ বিহনে পৰভু কত দুখ পাব॥.........
‘সঙ্খ উপজিল কৰ সঙ্খৰ বিচাৰ।
কহ কহ পণ্ডিত সঙ্খৰ সাৰ॥
কোন সঙ্খে নছোঁৱে পানী।
দক্ষিণ সঙ্খে নছোঁৱে পানী॥”

 দীনেশচন্দ্ৰ সেনৰ বঙলা সাহিত্যৰ বুৰঞ্জীৰ পৰা তুলি দিয়া ওপৰৰ উদ্ধৃতি বোৰ দেখাতে অসম্পূৰ্ণ আৰু অঙ্গ-ক্ষত। উক্ত পুথিৰ মূলপাঠ বা ফটো তোলা পাঠ আমি দেখা নাই; গতিকে তাৰ ওপৰত কোনো থিৰ মত নিয়া টান। তথাপি যিদৰে পোৱা হৈছে তাৰ পৰা ঠাৱৰাব পাৰি ইয়াৰ ভাষা দোহাৰ