পৃষ্ঠা:অসমীয়া সাহিত্যৰ অধ্যয়ন.pdf/১০০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৯১
“শ্ৰীকৃষ্ণ কীৰ্ত্তন’’ কাব্য—বড়ূ চণ্ডীদাস


মতে “সম ১৪৪২, শাকে’’ লিখিত শূদ্ৰ-পদ্ধতি নামৰ পুথি এখন লিপিৰ লগত মিল দেখি এই পুথি এওঁ ১৪৪২ সম্বৎ অৰ্থাৎ ১৩৮৫ খৃঃৰ বুলিছিল; কিন্তু হৰপ্ৰসাদ শাস্ত্ৰীয়ে যুক্তিৰে এই মত খণ্ডন কৰি কয় “শাকে” শব্দটো স্পষ্ট থকাতো সম্বৎ বুলি ধৰিবৰ হেতু নাই, গতিকে এই পুথিৰ লিপি ১৪৪২, শক অৰ্থাৎ ১৫২০ খৃঃ হব।

 ভাষাৰ আলোচনাবোৰ জুকিয়াই বঙলাৰ অন্যতম অধিকাৰী ৰায় বাহাদুৰ বিদ্যানিধিয়ে মোখনি মাৰিছে, হয় এই পুথিখন অসম দেশ ঘূৰি আহিছে, নহয় অসমীয়া আৰু পুৰণি বঙলা একে আছিল। আৰু আমাৰ দৃঢ় বিশ্বাস এই বঙালী পণ্ডিতজনৰ শেষৰ সিদ্ধান্তই সত্য। মূল পুথিখনৰ প্ৰথম পাতকেইটা ফটা বাবে সম্পাদিত পুথিখন অলপ মাজৰ পৰা আৰম্ভ হৈছে,—“সৱ দেৱে সভা পাতিল আকাশে।” বিজ্ঞ সম্পাদক দুজনেও এই ভাষাৰ তুলনা দিবলৈ শঙ্কৰদেৱৰ উত্তৰ কাণ্ডৰ পৰা তুলি দিছে, অছন্ত ৰাঘৱ যেৱে দিব্য সভা পাতি!” মুঠতে, আগৰ পৰা গুৰিলৈ পুথিখন অসমীয়া ব্যাকৰণ আৰু শব্দাৱলীৰ প্ৰমাণেৰে ভৰা। পুথিখনৰ মুঠ দহ খণ্ডৰ পৰা থপিয়াই আমি এটি দুটি উদাহৰণ দিছোঁ—

“একে তুমি কুল নাৰী কুল আছে তোমাৰ বৈৰী,
 আৰ তাহে বৰুৱাৰ বধু।
কহে বড়ূ চণ্ডীদাস, কুল-শীল সৱ ভাবে,
 লাগিল কলীয়া প্ৰেম-মধু।" (জন্মখণ্ড)

“এড়িয়া ঘৰেৰ আশ ল বড়ায়ি, বহিলোঁ তোৰ চৰণে।
মতি হাৰাইলো, বুলিতে নাজানো, ভইলোঁ তোৰ মৰণে॥” (তাম্বুলখণ্ড)

“বোল এক বোলোঁ তাকে শুনহ অবুধ।
জুড়ায়িলে সোআদ লাগে তপত দুধ॥
“নাবোল নাবোল হেন দেৱ চক্ৰপাণি।
মোৰ কাণে নাসাম্বাএ তোৰ দুষ্ট বাণী " ( দানখণ্ড)

“যমুনাৰ জলে টলবল কৰে নাএ।
ঢেউ দেখি মোৰ হালে সৱ গাএ॥”