পৃষ্ঠা:অসমীয়া সাহিত্যৰ অধ্যয়ন.pdf/৯৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৮৮
অসমীয়া সাহিত্যৰ অধ্যয়ন


“জীৱৰ জীৱন-ধন কন্যা সঙ্গে গেলে।
ৰান্ধিয়া দিমু অন্ন সন্ধ্যাৰ কালে॥
পিপাসৰ কালে দিম পানী।
হাসিয়া খেলিয়া পুহামু ৰজনী॥
কে কয় এগুলা কথা কে পইতায়।
পুৰুষৰ সঙ্গে গেলে স্ত্ৰীক বাঘে ধৰে খায়॥

 এনে ভাষা যে অসমীয়া আৰু ত্ৰয়োদশ শতিকাৰ আগৰ নহয়, তা প্ৰমাণ অনাৱশ্যক; যিহেতুকে ব্যাকৰণ শব্দাৱলী আদিৰ উপৰিও মইনামতীয়ে “চৰ্থা কাটি” (কটনা কাটি) ভাত খোৱা আদি বিৱৰণ নিশ্চয় হাড়ে-হিমজুৱে অসমীয়া। অসমীয়া পণ্ডিতৰ সহায়ত এই গীতবোৰ সংগৃহীত আৰু সম্পাদিত হোৱা হলে অৱশ্যে এই গীতবোৰৰ স্বৰূপ প্ৰকাশ পালেহেতেন, আৰু অনেক সাধাৰণ {অসমীয়া) শব্দাৱলীৰ ভুল অৰ্থ দিব নালাগিলহেতেন।

 শেষ ৰহস্য হল “বন্দৰ” শব্দটো৷ ৰংপুৰত “বন্দৰ’’ কেনেকৈ হল? ‘অসমুদ্ৰাত্তূ বৈ পূৰ্বাদাসমুদ্ৰাত্তূ পশ্চিমৎ। তয়োৰেবান্তৰং গিৰ্য্যোৰায্যাবৰ্ত্তং বিদুৰ্বুধাঃ॥” ব্ৰহ্মপুত্ৰ আৰু গঙ্গাৰ পূৰ্বৰ সঙ্গমত বৰ্ত্তমান ৰংপুৰৰ দক্ষিণ সীমাত পূবসাগৰ আছিল; এই বাবেই উদ্যোগ পৰ্বত “ৰাজ্ঞে ভগদত্তে পূৰ্বসাগৰ- বাসিনে” বুলিছে, আৰু সভাপৰ্বত ভগদত্তই যুধিষ্ঠিৰৰ ৰাজসূয় যজ্ঞলৈ "সহম্লেচ্ছৈ সাগৰানুৰাসিভিঃ’’ যোৱা বৰ্ণাইছে। বৌদ্ধ জাতকমালা মতে খৃষ্টপূৰ্ব চতুৰ্থ শতিকাত চম্পা বা বৰ্ত্তমান ভাগলপুৰৰ পৰা সাগৰৰ জাহাজ চলাৰ কথা ভু পাব পাৰি; এনে আৰু অসংখ্য প্ৰমাণ আছে। শ্ৰীহট্টত “বন্দৰ বজাৰ’’ নামৰ ঠাই এতিয়াও আছে। গতিকে ৰংপুৰ “বৰ ৰহস্যপূৰ্ণ।

⸻⸻