পৃষ্ঠা:অসমীয়া সাহিত্যৰ অধ্যয়ন.pdf/৮৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

সুকনান্নী আদি মনসা প্ৰভাৱৰ গীত

ভয়ত ভজা ধৰ্ম স্বৰূপে সাপ-পূজা জগতৰ তথা ভাৰতৰ সাংস্কৃতিক ইতিহাসত অতি প্ৰাচীন যে সন্দেহ নাই। ভাগৱতী ধৰ্মৰ বৰঘৰৰ মজিয়া স্বৰূপ মথুৰাতে শ্ৰীকৃষ্ণৰ জন্মৰ আগে-পিছে বহুত কাল এই সাপ-পূজাই বৰপীৰা পাৰি বহা কথা সম্পূৰ্ণ ঐতিহাসিক ভেটিত প্ৰতিষ্ঠিত; গতিকে ভাগৱতৰ কালীয় দমন সেই সত্যৰে সাহিত্যিক স্তম্ভ বুলিব পাৰি। দক্ষ-যজ্ঞ কাহিনীয়ে যেনেকৈ সেই কাললৈকে শিৱ আৰ্য্য দেৱতাৰূপে গণ্য নোহোৱাকে প্ৰমাণিত কৰে, চান্দ সদাগৰৰ কীৰ্ত্তিয়েও সেইদৰে সাপ-পূজা আৰ্য্যধৰ্মৰ বহিভূত থকাৰ সাক্ষ্য দিয়ে। যেনেকৈয়ে হওক, আদি অৱস্থাত সম্ভৱতঃ জন-সাহিত্য ৰূপেই মনসা- গীতবোৰ অসমত ব্যাপকভাৱে প্ৰচলিত আছিল; মনকৰ, দুৰ্গাবৰ, নাৰায়ণদেৱ, ষষ্ঠীবৰ আদিয়ে তাক ৰূপ দিছিল মাত্ৰ।

 মনসা কবিসকলৰ ভিতৰত মনকৰ, সম্ভৱ, আটাইতকৈ প্ৰাচীন হলেও তেওঁৰ গীতৰ লেখ তাকৰ; জোখতো সিমান সৰহ নহয়। দুৰ্গাবৰৰ মনসা- গীতৰোৰ প্ৰাচীন-গন্ধী হলেও, সাহিত্যৰ বিচাৰত তেওঁৰ ৰামায়ণ-গীতবোৰ অধিক মূল্যবান! বঙ্গ দেশেও আপোন বুলি দাবী কৰা অৰ্থাৎ বঙ্গতে ব্যাপক প্ৰচলন থকা নাৰায়ণদেৱ আৰু ষষ্ঠীবৰৰ মনসা-গীতবোৰত নবীনত্বৰ ভাগ সৰহ দেখি তাৰেই দুটি আলোচনা কৰা হল। পদ্মাৰ নিষ্ঠুৰ আদেশ পাই বেউলা-লখীন্দৰৰ প্ৰথম মিলন-নিশা লখীন্দাৰক খুটিবলৈ যাওঁতে, ইংৰাজ ঔপন্যাসিকা মেৰী কৰেলীৰ কলিৰ বিষাদৰ ( ছৰজ অব, ছেটান্) দৰে কালী নাগ যি মানসিক দ্বন্দ উপস্থিত হব পাৰে, কবি নাৰায়ণদেৱে তাক বিতোপনকৈ বৰ্ণাইছে—

(আৰে) কান্দে কালী নাগ লখাইৰ মুখ চাই।
কোন সতে দাকিম বাপাক প্ৰাণ ফুটি যায়॥
চুলিকোছা দাকিম বাপাৰ দেখিবাক ভাল।
মাথাগোট দাকিম বাপাৰ দাৱ নাৰিকল॥