পৃষ্ঠা:অসমীয়া সাহিত্যৰ অধ্যয়ন.pdf/৮৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অসমীয়া সাহিত্যৰ অধ্যয়ন

A আই-নাম—তিকতাৰ তুতি-গীত নকৰিবা বস্ত্ৰ কিঞ্চিতে। চুটা। আউঠত দিবা বিহুৰ সূতা॥ মূৰত বাচিব মুৰৰি থোপা। তাৰ চৌপাশে বুলাবা চপা॥ পিঠিত বাচিৰ নেজাল ম’বা। আঁচলে বাচি। অসংখ্য তৰা। কপালতে দিবা দৈৱকী আই। হিয়াত বাচিব নব কানাই। কান্ধত বাচিব বলো দাৰাক। বাহুত বাচিব কংস মামাক || শিৰীয সেউত্তী মৰুৱা নথাই। তাক দেখি বঙ্গ পাৰ বাধাই। চম্পা নাগেশ্বৰ পস্নব কলি। তাক নচিলে উঠিব আলি। লবঙ্গ মালতী বাবৰি ভগব। তাক নবাচিলে লাগিব গব। পৃথিবীত আছে যতেক যুপ। তাক বাচিবাক নকৰা দুল যত নদ নদী মাছ মগৰ। গিৰি হা বন এম নগৰ | মৰুৱা মথাই জাই যুথি যত। শাৰী শাৰী বাচি দিবা যন্ত্ৰক। নহ ওঁতী, কছে। ভোৰ 'আগে। এহিমত বস্ত্ৰ বাথিকাক লাগে। আজি ববিবাৰে বাতৰি কওঁ। অহা ৰবিবাৰে কাপোৰ লওঁ॥ সেছি বস্ত্ৰ বাধিকাক পিন্ধাও। বাধাৰ সহিতে বৃন্দাবনে যাওঁ। কৰিবে। বহুত বিবিধ খেড়ি। সমস্তে গোপীয়ে ঘোষিও হৰি।” আমাৰ মনেৰে, স্বাধীন কবিতা স্বৰূপে এই পদটি অসমীয়া জন-কাব্যৰ এটি বহুমূণীয়া কহিদুৰ। একে উশাহতে সাত বৈকুণ্ঠ, পাতাল আৰু পৃথিবী ভ্ৰমি আহিব পৰা এনে অপৰূপ কল্পনা ইতিৰ সাহিত্যৰ কেই ঠাইত? মুঠতে আই-নামেদি পৰমী অসমীয়া আইসকলৰ প্ৰাণৰ আকুল আবেগ এটি বঢ়িয়াকৈ ফুট ওলাইছে। অকল আইসকলৰ কথাই কিয়, ইয়াৰ ভিতৰেদি অসমীয়া জাতীয় প্ৰভাৱ আৰু জাতীয় কবিতায়ো মুকলিকৈ উশাহ লৈছে। চতনা”, ১৯২২২৩; ভোগজ, আগকথা, ১৯২৮।