পৃষ্ঠা:অসমীয়া সাহিত্যৰ অধ্যয়ন.pdf/৯০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৮১
সুকনান্নী আদি মনসা প্ৰভাৱৰ গীত


কপালখান দাকিম বাপাৰ দ্বিতীয়াৰ জোন।
দুই কৰ্ণ দাকিম বাপাৰ বৰ গছৰ পাণ॥
দুই চক্ষু দাকিম বাপাৰ আকাশৰ তাৰা।
নাক গোট দাকিম বাপাৰ সোণাৰ পাকৰা॥
দুই ওঠ দাকিম বাপাৰ মনোহৰ হাসি।
দন্ত দুই পাৰি দাকিম মুকুতাৰ ৰাশি॥
জিবাখান দাকিম বাপাৰ আলটা বৰণ।
গল গোট দাকিম বাপাৰ হংসৰ গঠন॥
দুই বাহু দাকিম বাপাৰ যেন শলা সিৰি।
দশাঙ্গুলি দাকিম বাপাৰ চম্পাফুলৰ কৰি॥
বুকুখন দাকিম পাৰ চন্দনৰ পটা।
পিঠিখান দকিম বাপাৰ সুৰুযৰ ছটা॥
ৰাজহাড় দাকিম বাপাৰ মূধৰ মাৰলি।
কামিহাড় দাকিম বাপাৰ পুতলাৰ শাৰী॥
পেট গোট দাকিম বাপাৰ অমিয়া ভাণ্ডাৰী।
নাভি-নলা দকিম বাপাৰ মোলানৰ সৰি॥
ককালখান দাকিম বাপাৰ অতি বৰ সৰু।
আঁটিলে মুঠিতে লুকে হৰৰ ডম্বৰু॥
দুই টপিনা দাকিম বাপাৰ দেখিবাক ভাল৷
দুই উৰু দাকিম বাপাৰ যেন ৰামকল॥
দুই আঠু দাকিম বাপাৰ সুৱৰ্ণৰ ঘিলা।
দুই ভৰি দাকিম বাপাৰ কেতেকীৰ ডিলা॥
সুকবি নাৰায়ণ দেৱৰ সৰস পাচালি।
কালীৰ ক্ৰন্দন বুলি একই লেছাৰী॥”

 ষষ্ঠীবৰৰ মনসা-গীত সুৰমা উপত্যকাত সংগৃহীতভাৱে পোৱা হৈছে; আৰু তাত অসমীয়া শ, ষ বা স উচ্চাৰণ ৰক্ষাৰ বাবে সেইবোৰ আখৰৰ ঠাইত খ ব্যৱহাৰ আৰু অতীত কালত ‘লোঁ'ৰ ঠাইত “লু”ৰ ব্যৱহাৰ মন কৰিবলগীয়া।

চান্দ সদাগৰৰ লঙ্কা-যাত্ৰাৰ বিৱৰণত ষষ্ঠীবৰে বৰ্ণাইছে—