পৃষ্ঠা:অসমীয়া সাহিত্যৰ অধ্যয়ন.pdf/৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৪
অসমীয় সাহিত্যৰ অধ্যয়ন


অসংখ্য গীত-মাত, যোজনা-ফকৰা থাকে যিবোৰ হয়বা বহুত দিনলৈ লিপিবদ্ধ নহয়, আৰু হলে সিহঁতে বিশ্ব-সাহিত্যৰ কলেৱৰ আৰু মোল ভালেখিনি বঢ়ায়। সভ্যতাৰ পোহৰ বিস্তাৰিত হোৱাৰ লগে লগে এফালে মানুহ যেনেকৈ প্ৰাকৃতিক অৱস্থাৰ পৰা ভালেমান আঁতৰি পৰিছে, সেইদৰে সাহিত্যতো নানা কৃত্ৰিমালি সোমাইছে; তেনে মাৰ্জ্জিত সাহিত্যত অকপটতাৰ অভাৱৰ হেতুকে তাত আদিম মানুহৰ ভিতৰখনৰ বিশ্বাসযোগ্য দাপোণ পোৱা টান। কিন্তু মূল মানৱ-প্ৰকৃতিৰ হুবহু চিত্ৰ চাব পাৰি এই গীত-মাতবোৰৰ ভিতৰেদি যিবোৰ এতিয়াও প্ৰচলিত আছে এনে সমাজতহে যি এতিয়ালৈকে নতুন সভ্যতা- বৃক্ষৰ গুটিৰ জুতি পোৱা নাই। তথাপি হাজাৰো এই গীত-মাতবোৰ এনে আওহতীয়া চুকত সোমাই থাওক, তাতো বাহিৰৰ কোলাহল আৰু সাল-সলনিৰ একোটি খীণ প্ৰতিধ্বনি গৈ নোজোকোৱাকৈ থকা নাই; আৰু সেইবোৰও ইহঁতক নঙলাৰ মূৰৰে পৰা খেদি দিব পৰা নাই। এনে হোৱাইছে সম্পূৰ্ণ স্বাভাৱিক; কিয়নো এই নিচিনা অলপ-অচৰপ সাল-সলনিৰ পৰাও একোটা জাতিৰ বাহিৰৰ ৰাজনৈতিক সামাজিক আদি অৱস্থাৰ প্ৰভাৱ ভালকৈ বুজিব পৰা হয়।

 কোনো বিৰাট সাহিত্যই জাতীয়তাৰ মেৰত সোমাই নাথাকে আৰু মনুষ্যত্বত বাজে একোৰে হাক নামানে। অসমীয়া এই গীত-মাতবোৰো- সেইদৰে এহাতে যেনেকৈ জাতীয়, সিহাতে তেনেকৈ বিশ্বজনীনো। ইয়াৰ সৰহখিনি গীতেই বিশ্বমানৱৰ হৃদয়-দুৱাৰত খুন্দিয়াব। গছৰ ছাল-বাকলিতো প্ৰেম-কবিতা লিখা থকা কথা ইউৰপীয় সাহিত্যত শ্বেক্সপীয়েৰৰ ৰোমাঞ্চিতকাৰী, ‘ৰমাঞ্চ’, সন্দেহ নাই। কিন্তু তাতকৈ কোনো গুণে হীন নোহোৱা অনুৰাগ- পূৰ্ব্বৰাগৰ কবিতা আজিলৈকে অসমৰ আকাশে-বতাহে সদায় ‘কমোৱা তুলাবোৰ, যেনেকৈ উৰিছে, তেনেকৈ উৰি’ ফুৰিছে। শ্বেক্সপীয়েৰৰ এৰিয়েলে মৌমাখিৰ লগত ভোমোৰাৰ পিঠিত উঠি আনন্দ উপভোগ কৰাৰ হাৰিয়াস কৰিছিল। এৰিয়েল মানুহ নহয়, সি মানুহৰ প্ৰকৃতি ধৰিছিল মাথোন, কিন্তু আমাৰ চহা কবি গধুৰ তেজ মঙহৰ শৰীৰ হৈয়ো তাতকৈ হীন আবেগ বা কল্পনা-শক্তিৰে কোৱা নাই—

 হাঁহ গৈ চৰিমগৈ, তোমাৰে পুখুৰীত, পাৰ হৈ পৰিমগৈ চালত।
 ঘাম হৈ সোমামগৈ, তোমাৰে শৰীৰত, মাখি হৈ চুমা দিম গালত॥