কুপাৰৰ আলেকজেণ্ডাৰ ছেলকাৰ্কৰ সমান বহুদৰ্শী বা জ্ঞানী অসমীয়া চহা কবি
নহয়; কিন্তু সেই নায়কে সমাজ, বন্ধুতা আৰু প্ৰেমৰ মাধুৰী চাকিবলৈ কপৌৰ
পাখিৰ অভাৱ যিদৰে অনুভৱ কৰিছে, আমাৰ চহা কবিয়েও “চৰাই হোৱা
হলে উৰি গলোঁহেতেন” বুলি একে কল্পনাৰে প্ৰমাণ দিছে। অসমীয়াৰ
জাত-কুলৰ বিৰোধতকৈ কেগুলেট আৰু মন্টেগু পৰিয়ালৰ খৰিয়ালখন নিশ্চয়
গুৰুতৰ নহয়, তথাপি য'ত জুলিয়েটে তেওঁৰ প্ৰেমিকক কৈছে—'ৰমিও, ৰমিও
তুমি, ৰমিও কিয়নো? পিতৃনাম এৰাঁ তযু, এৰাঁ নিজ নাম তৱ, মোৰ স্নেহ
হেতু। যদিহে নকৰাঁ তাকো, দেৱতাক সাক্ষী কৰি হোৱা মোৰ প্ৰিয়, কেগুলেট
নাম মই তেৱে তিয়াগিম।’ অসমীয়া প্ৰেমিক-প্ৰেমিকাই কোনো শঙ্কা-খুকুৰি
বা সৰ্ত্ত মনলৈ ননাকৈয়ে এই দৰে বুকু ডাঠি সমুখ-বিপদলৈ মু কবি ৰৈছে—
চ’তে চ’তে গৈ, বহাগো পালেহি, ফুলিলে বাবৰি ফুল।
তোমাৰ লগতে, মৰোঁ যদি মৰিম ঐ, এৰি যাম নিজৰে কুল।
তোলৈ চাওঁতে, জপনা দেওঁতে, বিন্ধিলে অঘৈয়া হুলে।
তোৰো মনে গলে, মোৰো মনে গলে, কি কৰিব কলিতা কুলে॥
ভাষাৰ সৌষ্ঠৱৰ ফালৰ পৰাও এই গীতখিনি অপূৰ্ব সৌন্দৰ্য-ব্যঞ্জক। “তই যে কলীয়া, অলিয়া-বলিয়া, মোকো কৰি গলি বাউল। জালি-কটা বেৰেদি, সুহুৰি মাৰিলি, হোৱা ভাতক কৰিলি চাউল॥" ইয়াত নটি “ল” আৰু পাচোঁটি 'ব’ৰ মিলনত প্ৰেমৰ মধুৰতা যেনেকৈ কৰিছে, সেইদৰে ভাব আৰু কল্পনাৰো অভিনৱ সমাবেশ ঘটিছে। “হোৱা ভাত চাউল” কৰা আৰু কৃষ্ণৰ বাঁহীৰ মাতত ‘যমুনা উজাই বোৱা’ একে শাৰীৰ কল্পনা-মাহাত্ম্য। সেইদৰে “অতি মৰমৰে, মুগাৰে মহুৰা, অতি মৰমৰে মাকো৷ অতি মৰমৰে, বহাগৰ বিহুটি, নাপাতি কেনেকৈ থাকোঁ॥’’ বোলাত যি অনুভূতি প্ৰকাশ পাইছে, সি যেনে সৰল, তেনে স্বাভাবিক, তেনে জাতীয় আৰু হৃদয়-স্পৰ্শী; ইয়াত কৰিয়ে ‘গ’ ‘ম’, আদি কোমল বা ব্যঞ্জনৰ অনুপম অনুপ্ৰাস আৰু ব্যঞ্জনাৰে স্ত্ৰী-হৃদয়ৰ সকলো কোমলতা আৰু মধুৰতা দুগুণে বঢ়াই মুখতে পমি যোযৱা এক অমিয়া মাধুৰীৰ সৃষ্টি কৰিছে।
বাঁহী, পঞ্চদশ বছৰ, দ্বিতীয় সংখ্যা : জেঠ, ১৮৫৬