জয়জয়কাৰ, বিজয় স্তম্ভ। আকৌ সেয়ে কামদেৱৰ হাতে পোতাই ৰখা
প্ৰজাপতিৰ পৱিত্ৰ পতাকা; অথবা ৰতিৰ হাতে আগধৰি পঠোৱা অন্নপূৰ্ণাৰ
পৱিত্ৰ সিধা। তাৰ পাছত সন্তান-জন্ম সেই দুটি অমৃতৰ পৱিত্ৰ থালিত মুখ
দিয়ে। "সৃষ্টিকৰ্ত্তাৰ কি চতুৰালি! কিন্তু এই যাদুকৰী বিদ্যা, এই পৱিত্ৰ
মধুৰ ৰহস্য, আঁৰ কাপোৰৰ পিছৰ পৰাহে। তাক লৈ মানুহে পোনতে
অকপটভাৱে উমলিছে বা হাঁহিছে-কান্দিছে। বুজা নাই সি কি অপূৰ্ব্ব মঙ্গল
নিদান, গম পোৱা নাই সি কি ছদ্মৰূপী জগন্নাথ-মূৰ্ত্তি। বুজা হলে, গম পোৱা
হলে, তাৰ কাষ চাপিবলৈ গৈ বুকু কঁপিলহেতেন, বিধাতাৰ উদ্দেশ্য বিফল
হলহেতেন। সেইদেখিয়েই হবলা প্ৰকৃতিয়ে মোহনী ভাঙৰ ৰাগি লগাই দি
মানুহৰ হাতেৰে নিজ কাম সাধন কৰিছে। কেনে বিতোপন কৌশল, মানুহৰ
কেনে সুমধুৰ অজ্ঞানতা! “গাৰে জুৰনি, ৰি-ৰিয়া বতাহ ঐ, পেটৰে
জুৰনি ভাত।"
এফালে জন্ম আৰু মৰণৰ মাজত জীৱনটো যেনেকৈ পদুম পাতৰ পানীৰ দৰে টলবলাব লাগিছে সিফালে হাঁহি-চকুলো, আশা-নিৰাশা, প্ৰেম-ঘৃণা, ভয়- ভক্তি, আবেগ-উদ্বিগ্নতাৰ মাজত সেইদৰে প্ৰকৃত বিশ্ব-সাহিত্যৰ সূত্ৰপাত হৈছে। অনন্ত বাটৰ বাটৰুৱা মানুহৰ এহাতে যিদমে প্ৰেম, দয়া, অনুভূতি, সিহাতে সিদৰে কঠোৰ কৰ্ত্তব্যজ্ঞান; এপিনে যিভাৱে তেওঁ কৰ্ম্মশীল, সিপিনে সিভাৱে মধুৰ স্বপ্নময়। এই বাহিৰৰ মানুহটোৰ চলন-ফুৰণ, কৰ্ম্ম-তালিকা যেনে লাগতিয়াল, তাৰ ভিতৰত লুকাই থকা মানুহটোৰ সমাজিক বা কল্পনাখিনিৰ লেখ-জোখো তাতকৈ কোনো গুণে তাকৰকৈ লগা কথা নহয়; কিয়নো, এই বাহিৰ জগতখনৰ কৰ্ম্ম-কোলাহলৰ গুৰি হৈছে সেই ভিতৰ জগতখন। যি ভাষাত মানৱ-প্ৰকৃতিৰ এই প্ৰধান অঙ্গ, প্ৰেম, ভক্তি, দয়া, কৰ্ত্তব্য, বন্ধুতা, স্বাধীনতাৰ আদৰ্শ আদি পিছৰ যুগবোৰৰ বাবে সংৰক্ষিত হৈছে সেয়ে সাহিত্য—সুকুমাৰ কলাৰ সহায়েৰে সত্য আৰু সুন্দৰৰ সাজ পিন্ধি ওলোৱা জীৱনৰ অভিব্যক্তি।
সকলোৰে ভাব-প্ৰকাশৰ কিছুমান সঙ্কেত বা ভাষা আছে, কিন্তু আটাইৰে সাহিত্য নাই; সেইদেখি সকলোৱে নিজৰ মনৰ ভাববোৰ যুগমীয়াকৈ পিছৰ কাললৈ সাঁচি-ৰাখি যাব নোৱাৰে। কিন্তু অসমীয়া চহা জীৱনৰ দৰে জগতৰ অনেক জাতিৰ নিৰক্ষৰ সম্পদায়ৰ ভিতৰত সদায় সাহিত্যৰ উপযোগী এনে