এগৰাকী পিতৃ-মাতৃহীনা, সামান্য-শিক্ষিত মহীয়সী নাৰী ৰুবী চৌধুৰীৰ মহৎ
কৰ্ত্তব্য-পৰায়ণতা, কাৰ্য্য-কুশলতা, আত্মত্যাগ আৰু আত্মসমৰ্পণৰ আৰ্হিৰে জল
জল-পট-পটকৈ দেখুৱাইছে। তাৰ বিপৰীতে উচ্চ আৰু মহৎ বোলা সমাজৰ
হীনতা আদি মিঃ সিং আদিৰ ব্যৱহাৰে সুপ্ৰমাণিত কৰিছে। “ঈশ্বৰে সত্য
দেখে, পিছে বাট চায়”—এই কথা ৰুবী চৌধুৰীৰ চিত্ৰত ফুটি ওলাইছে।
নাৰ্ছ সকলৰ সামাৰ অনাড়ম্বৰ জীৱন, তেওঁলোকৰ হাঁহি-ধেমালি আৰু সৰু-
সুৰ আশা-আকাঙ্ক্ষা, তেওঁলোকৰ গধুৰ দায়িত্ব আৰু লেকাট্ লগা কাম আদি
সকলো ইয়াত সজীৱভাৱে প্ৰকাশ পাইছে। আন হাতে, তিৰুতাই কিয়,
পুৰুষেও নিজৰ ভবিষ্যতৰ কথা নিজে কিমান তাকৰ গম পায়, তাক ছাৰ্জন
প্ৰদীপ হাজৰিকাৰ নিচিনা সু-শিক্ষিত, সু-চৰিত্ৰবান আৰু কৰ্ত্তব্য-পৰায়ণ
ডেকাৰ চিত্ৰৰ পৰাই বঢ়িয়াকৈ বুজিব পাৰি।
সৱশেষত এই উপন্যাস ৰচয়িত্ৰী মিছ্ ছাইমনক তেওঁৰ এই প্ৰশংসনীয় প্ৰচেষ্টাৰ বাবে আন্তৰিক অভিবাদন নজনাই নোৱাৰি। আশা কৰিব পাৰি, ভবিষ্যতেও তেওঁ এনে একোটি আপুৰুগীয়া অৱদানেৰে অসমীয়া সাহিত্যক চহকী কৰিব। 'আপুৰুগীয়া’ বোলাৰ বিশেষ অৰ্থ এয়ে যে ঘাইকৈ অসমীয়া সাহিত্যত লেখিকাৰ লেখ তাকৰ আৰু তাৰ ভিতৰতো সাহিত্যত তিৰুতা- অন্তৰৰ স্বাভাৱিক অৱদান দিব পৰা লেখিকা বিৰল। বৰ্ত্তমান আমি জগতৰ এক অপূৰ্ব্ব পৰিবৰ্ত্তনৰ সন্ধিক্ষণত ভৰি দিছোঁহঁক। এই অৱস্থাত সামাজিক, নৈতিক, মানসিক আদি সকলো বস্তুৰেই মূল্য পৰিবৰ্ত্তিত হৈছে, আৰু নতুন মূল্যাঙ্কনৰ সময় আহিছে। এনে সময়ত পুৰণি সমাজে ইমান দিন গৰকি যোৱা তিৰুতাৰ প্ৰাণৰ কথা নিৰ্ভীক কিন্তু সংযতভাৱে দাঙি ধৰাৰ বিশেষ দায়িত্ব পৰিছে তিৰুতাসকলৰ ওপৰত, যাতে ভবিষ্যত সমাজেও তিৰুতাৰ বিপক্ষে আকৌ “এক-তৰফা ডিক্ৰী” দিবলৈ সুবিধা নাপায়। মিছ্ ছাইমনৰ “সজাগ নিশা” সত্য, সংযত আৰু সুৰুচিসম্পন্ন; তাত তিৰুতাৰ পক্ষৰ আৰু দুটা কথা কবলৈ থাকিলেও, এটা কথাও বঢ়াই কোৱা হোৱা নাই। “হলা গছ দেখিলে আটায়ে বাগী কুঠাৰ মাৰে”। গতিকে সমাজে অন্যায়কৈ তল খাপৰ বুলি ভাবি ৰুবী চৌধুৰীৰ নিচিনা সজ চৰিত্ৰৰ নাৰ্ছৰ মুখতো কেনেকৈ কলঙ্কৰ কালিমা সানিবলৈ দ্বিধা নকৰে; কিন্তু সত্য, সহিষ্ণুতা আৰু সাহসৰ ওপৰত
ভিৰ দি চলিলে কেনেকৈ শেষত নিজ মহৎ উদ্দেশ্যত সিদ্ধিলাভ কৰিব পাৰি,