পৃষ্ঠা:অসমীয়া সাহিত্যৰ অধ্যয়ন.pdf/২৮৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৭৪
অসমীয়া সাহিত্যৰ অধ্যয়ন


তাক ৰুবী চৌধুৰীৰ চৰিত্ৰই প্ৰমাণ কৰে। এচঁহীয়াকৈ চালে আমি ইয়াত নাৰ্ছ জীৱন আৰু খৃষ্টান ধৰ্ম্মৰ চিত্ৰ এখনিহে দেখা পাওঁ। কিন্তু গৰুৰ খোজৰ পানীত নভোমণ্ডল জিলিকি উঠাৰ দৰে সেই নাৰ্ছ জীৱনৰ ভিতৰেদি আমাৰ সমাজৰ অনাদৃত আৰু অৱহেলিত অথচ পৰম উপকাৰী এটি ভাগ, আৰু খৃষ্টান ধৰ্ম্মৰ ভিতৰেদি জগতৰ সকলো সত্য ধৰ্মৰ যি শিক্ষাৰ ওপৰত ভেটি কৰি আমাৰ দুৰ্ব্বহ জীবন-ভাৰ আমি ববলৈ সমৰ্থ হওহঁক, বাহিৰৰ বঙ্ চঙীয়া আধুনিক শিক্ষা সৰহ নোহাৱাকৈও যি মহৎ আদৰ্শ লৈ ৰুবী চৌধুৰীয়ে অন্যায় অবিচাৰ আৰু অপমান সহ্য কৰি শেষত তেওঁৰ সিদ্ধিৰ ফল লাভ কৰিব পাৰিছিল, সেই সনাতন ধৰ্ম্মৰ মহৎ প্ৰভাৱ আমি উপলব্ধি কৰিব পাৰোঁহঁক। মোৰ ভিতৰুৱা জীৱনটো মোৰ নিজৰ। মানুহে ওপৰত চাইহে বিচাৰ কৰে, চকুৱেও কেতিয়াবা ভুল দেখে; কিন্তু সত্যই যে চকুৰ দৃষ্টিতকৈও গভীৰলৈ দেখে!” সামান্য শিক্ষিতা সামান্য পদবীৰ নাৰ্ছ ৰুবী চৌধুৰীৰ এই নিৰ্ভীক বচন সত্যদ্ৰষ্টা ঋষিৰ অৰ্ন্তদৃষ্টিৰ অভিজ্ঞতাৰ তুল্য বুলি স্বীকাৰ কৰিবই লাগিব।

⸻⸻


“পুৱালৈ সময় কিমান” কবিতা—মনেশ্বৰ

বৰ্ত্তমান কৱিতাৰ শ্ৰেণীবিভাগ অনুসাৰে এই পুথিৰ ৰচনাখিনি আধুনিক বা ‘অতি-আধুনিক’ এনে আখ্যা কোনোৱে দিব; কিয়নো জোনাকী” বা “বাহী’’ৰ যুগৰ অসমীয়া কবিতাৰ ভাব আৰু ছন্দৰ কাষত ই আচহুৱা, আৰু তাৰ পৰা অলপ নহয় অলপ ফালৰি কটা। কিন্তু এই উৰহী গছৰ ওৰটো থিতাতে বিচাৰিলে নহব; ইয়াৰ শিয়াবোৰ কিমান নিলগৰ পৰা আহিছে৷ তাৰে পম খেদি চাব লাগিব। স্বৰূপতে বিশেষকৈ সাহিত্যৰ গতিধাৰা স্থানীয় বুলি ধৰিলে, সদায় ভুল কৰা হয়; “ইয়াতে মাৰিলে টিপা গড়গাঁও পালেগৈ শিপা॥”—সাহিত্য যি দৰে সদাই বিশ্বজনীন তাৰ শিপাও সেইদৰে বিশ্বব্যাপী।

 গুটীয়া জীৱনৰ দৰে সাহিত্যৰ যুগো কেচুৱা, চেমনীয়, চেঙেৰা, ডেকা, আদহীয়া আৰু বুঢ়া হয়। এই বাবে যুগে যুগে সাহিত্যৰ কায়া-কল্প চিকিৎসা বা